মুছলমান যুৱতীয়ে গ্ৰহণ কৰিলে হিন্দু ধর্ম।

নলবাৰী জিলাৰ পানীগাঁও অঞ্চলত এগৰাকী মুছলমান যুৱতীয়ে সম্পূৰ্ণ সনাতনী ৰীতি নীতিৰ মাজেৰে আজি হোমক সাক্ষী কৰি বিবাহৰ মাধ্যমেৰে হিন্দু ধর্ম গ্ৰহণ কৰে ।মুছলমান যুৱতী গৰাকীৰ পূৰ্বৰ নাম ইনা বেগম আৰু দেউতাকৰ নাম বাদু আলী । ছোৱালী গৰাকীয়ে প্ৰথমে আইনী প্ৰক্ৰিয়াৰে কোৰ্ট ৰেজিষ্টাৰ কৰি মুছলিম ধৰ্ম ত্যাগ কৰি হিন্দু ধর্ম গ্ৰহণ কৰে ।তাৰ পিছত বুধবাৰে গাওঁৰ মানুহৰ উপস্থিতিত বিশ্ব হিন্দু পৰিষদৰ সহযোগত হিন্দু ধর্মৰ নিয়ম মতে হোম যজ্ঞক সাক্ষী কৰি হিন্দু ধৰ্মালম্বী যুৱক জনলৈ বিবাহত বহি যুগ্ম জীৱনৰ পাতনি মেলে ।এই শুভ কৰ্মৰ আগ ধৰে বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলা সমিতিৰ বিষয় ববীয়া সকলে ।

আজিৰ এই শুভ বিহাহৰ শুভ ক্ষণত উপস্থিত থাকে বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলাৰ বিভাগ সংগঠন মন্ত্ৰী , বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাৰ সাধাৰণ সম্পাদক ,বজৰং দলৰ নলবাৰী জিলাৰ সংযোজক বিশ্ব হিন্দু পৰিষদৰ নলবাৰী জিলাৰ উপ সভাপতি, , সহ সম্পাদক কোষাধক্ষ ,নগৰৰ প্ৰচাৰ প্রমুখ ,আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ তথা বিশ্ব হিন্দু পৰিষদৰ প্ৰশাসনিক প্ৰমুখ আদি কৰি বিভিন্ন বিষয় ববীয়া উক্ত অনুস্থানত উপস্থিত থাকি দৰা কইনাক আশীৰ্বাদ কৰে ।

Related Articles