Breaking

দেৰগাঁও পৌৰ সভাৰ উদ্যোগত “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচী শুভাৰম্ভ…

0 95

আজি দেৰগাঁও পৌৰসভাৰ উদ্যোগত নাৰিকলগুৰিৰ বৰপুখুৰী পাৰত স্বাধীনতাৰ অমৃত মহোৎসৱ লগত সংহতি ৰাখি মাতৃভূমিৰ স্বাধীনতা আৰু গৌৰৱৰ বাবে প্ৰাণ আহুতি দিয়া সকলৰ স্মৃতিত এখন শিলা ফলক উন্মোচন কৰাৰ লগতে “মোৰ মাটি মোৰ দেশ” কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

শিলাফলক খন আনুষ্ঠানিক ভাবে উন্মোচন কৰে দেৰগাওঁ পৌৰসভাৰ পৌৰপতি ৰূপাঞ্জলী বৰাই। এই উপলক্ষে বৰপুখুৰীৰ পাৰত কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত পঞ্চপ্ৰাণ শপতো লোৱা হয়। এইবাৰ ১০,১১,১৫ আৰু ২৩ আগষ্টত চাৰি দিনীয়াকৈ অনুষ্ঠিত হ’ব এই কাৰ্যসূচী।

Leave A Reply

Your email address will not be published.