শুকুৰবাৰে পুৱাৰে পৰা ১৫ বাৰকৈ কঁপিছে ম্যানমাৰৰ মাটি। প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৭।(Myanmar earthquake) শনিবাৰে জন্টা চৰকাৰে ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা কমেও ৬৯৪ জন বুলি জানিব পৰা গৈছে।ম্যানমাৰত হোৱা ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ৭০০। আহত লোকৰ সংখ্যা হ’ল ১৬৭০ জন। এতিয়াও দেশৰ বৃহৎ অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত আছে। ফলত মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। এই কঠিন সময়ত ম্যানমাৰে আন দেশৰ পৰা সহায় বিচাৰিছে। ভাৰতৰ পৰা ১৫ টন সাহায্য সামগ্ৰী কঢ়িয়াই নিয়া এখন বিমান শনিবাৰে পুৱা ম্যানমাৰ অভিমুখে ৰাওনা হয়।
প্ৰথমটো ভূমিকম্পৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৭.৭। ইয়াৰ পিছত ১০ ঘণ্টাৰ ভিতৰত ১৪টা জোকাৰণি অনুভৱ কৰা হয়। ভূমিকম্পৰ ফলত এক বিশাল এলেকা বিধ্বস্ত হৈছে। ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ কিছু মিনিটৰ ভিতৰতে আটাইতকৈ শক্তিশালী আফটাৰশ্বক সংঘটিত হয়। আন এটা ৰিখটাৰ স্কেলত ইয়াৰ মাত্ৰা আছিল ৬.৭। দুয়োটা ক্ষেত্ৰতে মাটিৰ পৰা ১০ কিলোমিটাৰ তলত কম্পনৰ কেন্দ্ৰবিন্দু আছিল। নেশ্যনেল চেণ্টাৰ ফৰ ছিজম’লজীয়ে প্ৰকাশ কৰা অনুসৰি ম্যানমাৰত দিনৰ ১১:৫৬ বজাত ভূমিকম্পৰ সৃষ্টি হৈছিল।
৭.৭ ৰিখটাৰ স্কেলৰ ভূমিকম্পত ম্যানমাৰ ধ্বংস, জন্টাত জৰুৰীকালীন অৱস্থা ঘোষণা, বেংকক ধ্বংস ৰাজধানী চহৰ বেংককত নিৰ্মাণৰত ৩০ মহলীয়া অট্টালিকা এটা প্ৰবল ভূমিকম্পৰ ফলত ভাঙি পৰে। ধ্বংসাৱশেষৰ তলত বহু লোকৰ মৃত্যু হয়। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে ম্যানমাৰ আৰু থাইলেণ্ডৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰতে সম্ভৱপৰ সকলো সাহায্য আগবঢ়াবলৈ সাজু। তেওঁ এই সন্দৰ্ভত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়কো প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰে। সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি শনিবাৰে পুৱাই ভাৰতীয় বায়ুসেনাৰ চি ১৩০জে বিমান উত্তৰ প্ৰদেশৰ হিন্দন বায়ুসেনা ষ্টেচনৰ পৰা ম্যানমাৰ অভিমুখে ৰাওনা হয়। ইয়াত কমেও ১৫ টন সাহায্য সামগ্ৰী আছে। ভূমিকম্পত বিধ্বস্ত ম্যানমাৰলৈ খাদ্য, কম্বল, তম্বু, শোৱা বেগ, সৌৰ লেম্প, পানী বিশুদ্ধকৰণ যন্ত্ৰ, আৰু প্ৰয়োজনীয় ঔষধ প্ৰেৰণ কৰা হৈছে।
শুকুৰবাৰে সংবাদ সংস্থা ৰয়টাৰে প্ৰকাশ কৰা অনুসৰি ম্যানমাৰৰ দুখন দলং ভূমিকম্পত ভাঙি গৈছে। কেবাটাও ঘৰ ধ্বংস হয়। জুন্টাৰ মুৰব্বী মিন আং হ্লাইঙে নিশাটোৰ ভিতৰতে মৃত্যুৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা প্ৰকাশ কৰে। তেওঁ কয় যে বহু অঞ্চলত এতিয়াও ঘৰ ভাঙিছে। উদ্ধাৰৰ কাম চলি আছে।