Breaking

বহি:ৰাজ্যত কাকপথাৰৰ যুৱকৰ ৰহস্যজনক মৃত্যু

0 31

কাকপথাৰৰ যুৱকৰ ৰহস্যজনক মৃত্যু

কাকপথাৰ,৩০ জুন: যোৱা ২০ জুন তাৰিখে তামিলনাডুত কৰ্মৰত কাকপথাৰৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হয় ৷ ছমাহ ধৰি তামিলনাডুৰ এটা ব্যক্তিগত ক’ম্পেনীত কৰ্মৰত কাকপথাৰ ২ নং চেলেংগুৰিৰ যুৱকজনৰ ৰহস্যজনক মৃত্যুত শোকস্তব্ধ হৈ পৰে পৰিয়াল ৷

৺তুলসী হাজৰিকা আৰু অনু হাজৰিকাৰ পুত্ৰ মানৱ হাজৰিকাৰ পৰিয়ালত বৰ্তমানেও হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে ৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল যুৱকজন ৷ যুৱক জনক কোনো দূৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লগতে সহকৰ্মীয়ে ৷ অতি দৰিদ্ৰ পৰিয়ালটোৱে ধনৰ অভাৱত যুৱক জনৰ মৃতদেহ কাকপথাৰ স্থিত নিজ গৃহলৈ উভতাই আনিব নোৱাৰাত সহকৰ্মীয়ে তামিলনাডুতে সৎকাৰ কৰে ৷

মৃত মানৱ হাজৰিকাৰ পত্নীয়ে এতিয়া দুই কনমানি সন্তানক কোলাত লৈ ন্যায় বিচাৰিছে ৷ স্থানীয় ৰাইজ, পৰিয়ালৰ লগতে সদৌ অসম নিৰ্যাতন বিৰুধী ঐক্য মঞ্চৰ বিষয়ববীয়াই মানৱ হাজৰিকাই কৰ্মৰত কোম্পানীটোক পৰিয়ালৰ লগতে দুই সন্তানৰ ভৰণ-পোষণৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ সমান্তৰালকৈ স্থানীয় বিধায়ক, জিলা প্ৰশাসন, ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ উক্ত ঘটনাৰ তদন্তৰ দাবী জনোৱাৰ লগতে দূৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনাইছে।

ইফালে মৃতকৰ আদ্যশ্ৰাদ্ধত নিৰ্যাতন বিৰোধী ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ লক্ষ্মীনাথ ফুকন ,ৰহেন্দ্ৰ মৰাণ,ধৰ্মকান্ত হাজৰিকাৰ লগতে স্থানীঁয় বিষয়ববীয়া উপস্থিত হৈ বহি:ৰাজ্যত কৰ্মৰত লোকসকলক কৰি অহা নিৰ্যাতন বন্ধ কৰাৰ ক্ষেত্ৰত চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে দাবী জনোৱাৰ লগতে অসমতে কাম কৰি খাব পৰাকৈ উদ্যোগ প্ৰতিষ্ঠাৰ বাবে অসম চৰকাৰক আহ্বান জনায় ৷ মৃত মানৱ হাজৰিকাৰ পত্নীক এটা চাকৰি আৰু দৰিদ্ৰ পৰিয়ালটোক এককালীন ১০ লাখ টকা সাহাৰ্য আগবঢ়াবলৈও চৰকাৰক দাবী জনায় সংগঠনটোৱে ৷

Leave A Reply