Breaking

ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ জন্মদিন উপলক্ষে তেজপুৰৰ গ্ৰীন আচিয়ানা ভৱনত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান…

0 24

অসমৰ ভৌতিক ৰহস্য সাহিত্য আৰু কল্প বিজ্ঞানমূলক সাহিত্যৰ এগৰাকী মুকুট বিহীন সম্ৰাট ৰঞ্জু হাজৰিকাৰ আজি ওপজা দিন উপলক্ষে এক বিশেষ অনুষ্ঠান তেজপুৰৰ গ্ৰীন আচিয়ানা ভৱনত অনুষ্ঠি হয়৷ ২০২৪চনৰ ভাৰতীয় সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটাৰে সন্মানিত হোৱাৰ পিছত আজিৰ এই বিশেষ জন্মদিনটো অতি উলহ-মালহেৰে পালন কৰা হয়৷ এই অনুস্থানটোত তেখেতৰ শুভাকাংক্ষী সকলৰ লগতে প্ৰিয় পঢ়ুৱৈ সকল আৰু প্ৰকাশক সকলো উপস্থিত থাকে৷

ইয়াৰ পিছতে প্ৰিয় সাহিতিক গৰাকীৰ লগত হোৱা এক মত বিনিময় অনুষ্ঠানৰ শুভাৰাম্ভ কৰে। শোনিতপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন হাজৰিকা “ৰাস্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত শিশু সাহিত্যিক দিলীপ বৰুৱা“ শোনিতপুৰৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰকে ধৰি বহ বিশিষ্ট ব্যক্তি উপস্হিত থাকি আলোকপাত কৰে।

আনহাতে দুগৰাকী বিশেষ চিত্ৰকৰে তেখতৰ আৰু দুই ভাতৃৰ এখন সুন্দৰ ছবি আজি বিশিষ্ট সাহিত্যিকগৰাকীক জন্মদিন উপলক্ষে আনুষ্ঠানিক ভাৱে প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.