দক্ষিণৰ চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা নাগা চৈতন্য দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ। বিবাহৰ পিছত চৈতন্য আৰু সভিতাৰ বিয়াৰ প্ৰথম ফটো প্ৰকাশ পাইছে। ফটোখন কেইখনত দুয়োকে অতি মৰমলগা দেখা গৈছে। মণ্ডপত পুত্ৰ নাগাক এনেদৰে বহি থকা দেখি পিতৃ নাগাৰ্জুনে হাঁহি থকা দেখা যায়। সামাজিক মাধ্যমত ভাইৰেল ফটোকেইখনৰ পিছত অনুৰাগীয়ে এই দুয়োগৰাকী চেলিব্ৰিটিক তেওঁলোকৰ বিবাহৰ বাবে অভিনন্দন জনাইছে।(Naga Chaitanya Sobhita Dhulipala Wedding)
শোভিতাই বিয়াত সোণালী ৰঙৰ শাৰী পিন্ধিছে। এই শাড়ীৰ সৈতে অভিনেত্ৰীগৰাকীয়ে পিন্ধিছে দক্ষিণ ভাৰতীয় পৰম্পৰাগত গহনা। আনহাতে, নাগা চৈতন্যই বগা ধোতি কুৰ্তা আৰু তিলক পিন্ধা দেখা গৈছিল।(Naga Chaitanya)
হায়দৰাবাদৰ বঞ্জাৰা হিলছৰ অন্নপূৰ্ণা ষ্টুডিঅ’ত নাগা আৰু শোভিতাৰ বিবাহ সম্পন্ন হয়। দুয়োজনেই দক্ষিণ ভাৰতৰ পৰম্পৰাগত ৰীতি-নীতি অনুসৰি বিবাহপাশত আবদ্ধ হয়। বুধবাৰে নিশা ৮.১৫ বজাত দুয়োৰে বিবাহ সম্পন্ন হয়।
উদ্যোগটোৰ আন আন চেলিব্ৰিটিসকলেও এই হাই প্ৰফাইল বিয়াৰ পাৰ্টিত অংশগ্ৰহণ কৰিব। প্রভাস, এছ এছ ৰজামৌলিৰ দৰে ডাঙৰ তাৰকাও এই বিয়াত উপস্থিত থাকিব পাৰে বুলিও প্রতিবেদনত প্ৰকাশ পাইছে৷ ইয়াৰ উপৰিও ৰাম চৰণৰ পৰা মহেশ বাবুলৈকে ছুপাৰষ্টাৰৰ নামো একাংশ বাতৰিত প্ৰকাশ পাইছে। অৱশ্যে এতিয়ালৈকে পৰিয়ালটোৱে অতিথি তালিকা সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই।(Sobhita Dhulipala Wedding)