Breaking

মৰিয়নী অসম নগালেণ্ড সীমান্তৰ চেলেংহাটৰ ৰনখামত নগা দুৰ্বৃত্তৰ সন্ত্ৰাস৷ অসমৰ দুই যুৱকক নগা বস্তিত অত্যাচাৰ

0 556

যোৰহাট জিলাৰ নগালেণ্ডৰ সীমান্তৱৰ্তী চেলেংহাট অঞ্চলত পুনৰ নগা দুৰ্বৃত্তৰ সন্ত্ৰাস আৰম্ভ কৰিছে। চেলেংহাট আৰক্ষী চকীৰ অন্তৰ্গত ৰনখাম ৰজাবাৰীৰ দুই যুৱক পিঙ্কু দণ্ডাচী আৰু বিক্ৰম কন্ধক ৰজাবাৰী লেপ্ৰচী বস্তীৰ নিজ ঘৰৰপৰা অপহৰণ কৰি নি নগালেণ্ডৰ য়াচাং চি বস্তিত পাশবিক অত্যাচাৰ চলায়। ভুক্তভোগী দুজনৰ ভাষ্য অনুসৰি দুয়োকে দহ/বাৰজনীয়া নগা দুৰ্বৃত্তৰ দলে নিজ ঘৰৰপৰা অপহৰণ কৰি লৈ যায়। নগালেণ্ডৰ য়াচাং চি বস্তিত দুয়োকে চকু বান্ধি লৈ গৰম লোহাৰ ৰড, বাঁহৰ লাঠীৰে সমগ্ৰ শৰীৰত প্ৰহাৰ চলোৱাৰ লগতে হাতৰ আঙুলিৰ মুৰত বেজীৰে খুচি পাশবিক অত্যাচাৰ চলায়।

পৰিয়ালৰ লোক যোৱাৰ পিছত যুৱক দুজনৰ মুক্তিৰ বিনিময়ত ৫০ হাজাৰ টকা দাবী কৰে যদিও কোনো মুক্তিপন নিদিয়াকৈ যুৱক দুজনক মোকলাই আনিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত চেলেংহাট আৰক্ষীৰ তৎপৰতাত যুৱক দুগৰাকীক টীয়ক FRU ত চিকিৎসা কৰোৱাই ঘৰত চমজাই দিয়ে।

Leave A Reply

Your email address will not be published.