Breaking

নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীয়ে উদ্ধাৰ কৰিলে মানসিক বিকাৰগ্ৰস্থ মহিলা, শিশু…

0 25

অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ সদস্য সচিব ৰত্নদ্বীপ ভট্টাচাৰ্য আৰু উপ-সচিব প্ৰনিতা মৰাঙৰ এক নিৰ্দেশনা মৰ্মে নগাঁও জিলাৰ ৰহা দীঘলিআটি কামগাঁৱৰ পৰা নগাঁও জিলা আইন সেৱা প্ৰাধিকাৰীৰ সম্পাদিকা মুনমী নেওঁগৰ লগত যোবা এটি সজাতি দলে উদ্ধাৰ কৰে এগৰাকী বিবাহিত মহিলাৰ লগতে এটি কন্যা শিশু। ৰহাৰ কামগাঁৱৰ অৰ্ধ্বআইনী সহায়ক খগেন ডেকাৰ মনষা মন্দিৰত আশ্ৰয় লৈ থকা প্ৰতিভা দাস (৩০) নামৰ মহিলা গৰাকীৰ লগতে তেওঁৰে কন্যা শিশুটিক উদ্ধাৰ কৰি নগাঁৱৰ গ্ৰাম বিকাশ পৰিষদৰ তত্ত্বাৱধানত চলি থকা শ্ৰদ্ধাগৃহত ৰখাৰ ব্যৱস্থা কৰা হয় ৷ জানিব পৰা মতে, মহিলা গৰাকী এগৰাকী মানসিক বিকাৰগ্ৰস্ত ৰোগী ৷

আজিৰ পৰা চাৰিবছৰ আগতে প্ৰতিভা দাসক তেতিয়াৰ নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰীৰ সম্পাদিকা প্ৰনিতা মৰাঙে ৰহা টাউনৰ পৰা উদ্ধাৰ কৰি নগাঁৱৰ শ্ৰদ্ধাগৃহত থকাৰ সুব্যৱস্থা কৰি দিছিল আৰু তেতিয়াৰ পৰা মহিলা গৰাকী শ্ৰদ্ধাগৃহতে আশ্ৰয় লৈ আছিল যদিও আজি কিছুদিন পূৰ্বে শ্ৰদ্ধাগৃহৰ পৰা মহিলা গৰাকী তেওঁৰ কন্যা শিশুটিৰ লগত নিৰুদ্দেশ হোবাৰ পাছত পুনৰ ৰহা কামগাঁৱৰ খগেন ডেকাৰ গৃহত অৱস্থিত মনষা মন্দিৰত আশ্ৰয় লয়হি ৷

অবশেষত ৰহাৰ জ্যেষ্ঠ সাংবাদিক ভৱজ্যোতি ডেকা,দিব্যজ্যোতি বৰঠাকুৰ আৰু অৰ্ধ্বআইনী সহায়ক খগেন ডেকাই ৰাজ্যিক আইন সেৱা প্ৰাধীকাৰীৰ উপ- সচিব তথা নগাঁও জিলা আইন সেৱা প্ৰাধীকাৰীৰ পূৰ্ৱৰ সম্পাদিকা প্ৰনিতা মৰাঙৰ লগত ফোনযোগে যোগাযোগ কৰাত মহিলা গৰাকীক নগাঁৱৰ আইন সেৱা প্ৰাধীকাৰী সম্পাদিকা মুনমী নেওঁগে তেওঁৰ লগত যোবা অৰ্ধ্বআইনী সহযোগী দ্বীপেন শইকীয়াই আৰু ৰহা আৰক্ষীয়ে খগেন ডেকাৰ ৰহা কামগাঁৱৰ গৃহৰ মনষা মন্দিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পাছত মহিলা গৰাকীক নগাঁৱৰ শ্ৰদ্ধাগৃহত আশ্ৰয় প্ৰদান কৰা হয় ৷

Leave A Reply