Breaking

Nagaon District Medicine Dealers’ Association:ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই

53

ৰাজ্যজুৰি ভেজাল ঔষধ চলি থকাৰ গুৰুতৰ অভিযোগ।ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ পিছতেই মুহূৰ্তে মুহূৰ্তে ৰং সলনি কৰিছে নগাঁৱৰ ঔষধ ব্যৱসায়ী সন্থাই। নিশাৰ সংবাদ মেলত ন’ ডিছকাউণ্ট প্ৰত্যাহাৰ নকৰাৰ কথা কৈ বৃহস্পতিবাৰে প্ৰেছ বিবৃতিত সাধ্যানুসৰি ৰেহাই দিয়াৰ কথা ঘোষণা কৰে।(Nagaon District Medicine Dealers’ Association)

দৈনন্দিন বাৰ্তাৰ সেৱা, নগাঁও, ২০ ছেপ্টেম্বৰঃ নগাঁৱৰ ঔষধ ব্যৱসায়ীসকলে জনস্বাৰ্থবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি ঔষধৰ ক্ষেত্ৰত দীৰ্ঘদিন ধৰি চলি থকা ৰেহাই ব্যৱস্থা ৰহস্যজনকভাৱে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াৰ পিছত সৰ্বসাধাৰণ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত সন্থাই আনুষ্ঠানিকভাৱে সংবাদ মাধ্যমৰ আগত মুখ খুলিবলৈ বাধ্য হয়৷ (Nagaon District Medicine Dealers’ Association)

বুধবাৰে নিশা নগাঁও চহৰৰ হোটেল বিদিশাত এক সংবাদ মেলৰ জৰিয়তে নগাঁও জিলা মেডিচিন ডিলাৰ ডিষ্টিবিউটৰ এছ’চিয়েচনে অতি কৌশলেৰে বিভিন্ন আভুৱা-ভাঁৰা কথা কৈ ৰেহাই মূল্যত ঔষধ বিক্ৰী বন্ধ থাকিব বুলি স্পষ্ট ভাষাৰে সদৰী কৰি পুনৰ জনস্বাৰ্থবিৰোধী স্থিতিত অটল থাকে৷ লগতে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ চেষ্টা চলাই কেতবোৰ চালে-বেৰে কোবোৱা যুক্তি প্ৰদৰ্শন কৰি একমাত্ৰ ব্যৱসায়ী স্বাৰ্থ অক্ষুণ্ণ ৰখাৰ কথাটো পুনৰবাৰ প্ৰতিফলিত কৰে৷ আনকি সংবাদ মাধ্যমৰ প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিয়াৰ বিপৰীতে কেতবোৰ অলাগতিয়াল কথাৰে বিষয়টো ফালৰি কাটি ঔষধ ব্যৱসায়ী সন্থাৰ নগাঁও জিলাৰ লগতে কেন্দ্ৰীয় নেতৃত্বই ঔষধৰ ক্ষেত্ৰত কোনো ৰেহাই ব্যৱস্থা নাথাকিব বুলি সদৰী কৰে৷ (nagaon)

আনকি তেওঁলোকে সমগ্ৰ অসমতে এই ৰেহাই ব্যৱস্থা পৰ্যায়ক্ৰমে বন্ধ হৈ পৰিব বুলিও প্ৰকাশ কৰে৷ সংবাদ মেলত নিজৰ স্বাৰ্থ সিদ্ধিৰ কথা প্ৰকাৰান্তৰে নস্যাৎ কৰিবলৈ বৃথা চেষ্টা চলাই তেওঁলোকে নগাঁৱত ঔষধৰ কোনো ছিণ্ডিকেট চলা নাই বুলিও দাবী কৰে৷ তদুপৰি ৰাজ্যত ঔষধৰ গুণগত মান পৰীক্ষাৰ কোনো পৰীক্ষাৰ নথকা বিষয়টো উল্লেখ কৰি ঔষধ ব্যৱসায়ী সন্থাই এইক্ষেত্ৰত চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু সন্তুষ্টি ব্যক্ত কৰে৷ সন্থাৰ নেতৃবৰ্গই বহিঃৰাজ্যৰ কেইবাটাও স্থানত বৃহৎ পৰিমাণৰ ভেজাল ঔষধ উদ্ধাৰ হোৱাৰ কথা উল্লেখ কৰি সমগ্ৰ ৰাজ্যজুৰি ভেজাল ঔষধ চলি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷(allegations)

সংবাদ মেলত কেমিষ্ট এণ্ড ড্ৰাগিষ্ট এছ’চিয়েচন অৱ আছামৰ সাধাৰণ সম্পাদক জিতু বৰ্মন, উপ-সভাপতি সঞ্জীৱ বৰা, যুটীয়া সম্পাদক দিব্যজ্যোতি নেওগ, নগাঁও জিলা মেডিচিন ডিলাৰ ডিষ্টিবিউটৰ এছ’চিয়েচনৰ সভাপতি জীৱন বণিক আদি উপস্থিত থাকে৷ আনহাতে, বুধবাৰে নিশাৰ সংবাদ মেলত টিঙৰ পৰা ননমা নগাঁও জিলা মেডিচিন ডিলাৰ ডিষ্টিবিউটৰ এছ’চিয়েচনে আজি এক বিবৃতিৰ জৰিয়তে জনাই যে, বুধবাৰে নগাঁও চহৰৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত এছ’চিয়েচনৰ নগাঁৱৰ ঔষধ বিক্ৰী ক্ষেত্ৰখনত চৰ্চিত ন’ ডিছকাউণ্ট বিষয়ৰ সমস্যাটো সম্পৰ্কে আলোচনা কৰা হয়৷ উক্ত সভাত এছ’চিয়েচনৰ উপদেষ্টা, বিষয়ববীয়া, সদস্যৰ লগতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতি, সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ নেতৃত্ব উপস্থিত থকা বুলি অৱগত কৰে৷ সভাত সকলোৱে নিজৰ মতামত ব্যক্ত কৰাৰ লগতে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়া, নগাঁও জিলা ছাত্ৰ সন্থাৰ সম্পাদক কংকনজ্যোতি বৰুৱা আৰু বীৰ লাচিত সেনাৰ নগাঁও জিলা সমিতিৰ সভাপতি ৰূপজ্যোতি শইকীয়াই একেমুখে মানৱীয় দৃষ্টিভংগীৰে ঔষধ ব্যৱসায়ী সন্থাক ৰেহাই ব্যৱস্থাটো পুনৰ বিবেচনা কৰিবলৈ আহ৩ান জনায়৷ ইয়াৰ বিপৰীতে ঔষধ ব্যৱসায়ীসকলে ন’ ডিছকাউণ্ট ব্যৱস্থাটোক সমৰ্থন জনাই জ্যেষ্ঠ নাগৰিক, কেন্সাৰ, বৃক্ক ৰোগৰ দৰে জটিল ৰোগত আক্ৰান্ত ৰোগীসকলক ঔষধ ব্যৱসায়ীসকলে সাধ্যানুসৰি ৰেহাই দিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰে৷ লগতে বিবৃতিটোত এছ’চিয়েচনৰ সভাপতি জীৱন বণিকে আগন্তুক দিনত নগাঁওবাসীৰ ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কেন্সাৰ ৰোগত আক্ৰান্ত ৰোগীৰ বাবে বিনামূলীয়া এম্বুলেন্স সেৱা শাৰদীয় দুৰ্গোৎসৱৰ পিছৰে পৰা এছ’চিয়েচনে আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে৷(No discount on medicines)

বিবৃতিটো আৰু কয় যে, যিহেতু দল-সংগঠনৰ লগতে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু সমাজৰ সকলো স্তৰৰ লোকে ঔষধ ব্যৱসায়ীসকলক ৰেহাই বিষয়টো পুনৰ বিবেচনাৰ বাবে সন্থাক আহ৩ান জনাইছে গতিকে তেওঁলোকৰ প্ৰতি সন্মান জনাই ঔষধ ব্যৱসায়ীসকলে সাধ্যানুসৰি ৰেহাই মূল্যত ঔষধ দিয়া হ’ব বুলি উল্লেখ কৰে৷ কালি নিশাৰ সংবাদ মেলত কোনো কাৰণতে ন’ ডিছকাউণ্ট প্ৰত্যাহাৰ কৰা নহয় বুলি দৃঢ়তাৰে কোৱা সন্থাই মাত্ৰ কেইঘণ্টামানৰ পিছতে এক বিবৃতিযোগে সাধ্যানুসৰি ৰেহাই মূল্যত ঔষধ দিয়া হ’ব বুলি উল্লেখ কৰিছে যদিও তেওঁলোকৰ এই কথাত ৰাইজ মুঠেই পতিয়ন যাব পৰা নাই৷ আচলতে ঔষধৰ ক্ষেত্ৰত কোনো এজন ব্যৱসায়ীয়ে কি পৰিমাণৰ লাভ ল’ব বা কিমান পৰিমাণৰ ৰেহাই দিব সেয়া এক নিজস্ব বিষয় যদিও নগাঁও জিলা মেডিচিন ডিলাৰ ডিষ্টিবিউটৰ এছ’চিয়েচনে সকলো ধৰণৰ ঔষধত ৰেহাই বন্ধ কৰা ঘটনাটোৱে মেডিচিন ব্যৱসায়টোত যে এক ছিণ্ডিকেট চলি আছে সেয়া পুনৰবাৰ প্ৰমাণ কৰিছে৷ ইপিনে, সন্থাৰ জনস্বাৰ্থবিৰোধী ভূমিকাৰ ক্ষেত্ৰত জিলা প্ৰশাসন অথবা স্বাস্থ্য বিভাগে কি স্থিতি গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷

Comments are closed.