Nagaon । নগাঁও জিলা সাহিত্য সভাৰ আকাশ উপ-সমিতিৰ উদ্যোগত কেন্দ্ৰীয় আকাশ অনুষ্ঠান উদযাপন

১৭ জানুৱাৰী,২০২৫ : “আজিৰ নাৰীয়ে মহাকাশ জয় কৰিছে। বিশাল পৃথিৱীৰ সৃষ্টিৰ মূল আধাৰ এই শক্তিক একাষৰীয়া কৰি পূৰ্ণাংগ সমাজৰ কল্পনা কৰিব নোৱাৰি।” — এই মন্তব্য অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাৰ। অসম সাহিত্য সভাৰ আকাশ উপ সমিতিৰ উদ্যোগত নগাঁও জিলা আকাশ উপ সমিতিয়ে কেন্দ্ৰীয়ভাবে যোৱা ১২ জানুৱাৰীত নগাঁও মহাবিদ্যালয় (স্বতন্ত্ৰ)ৰ সাহিত্যাচাৰ্য যজ্ঞেশ্বৰ শৰ্মা সভাগৃহত আয়োজিত অনুষ্ঠানত অসমৰ কেইবাখনো জিলাৰ মহিলাই অংশগ্ৰহণ কৰে। Nagaon ।

কেন্দ্ৰীয় আকাশ উপ সমিতিৰ আহ্বায়ক মঞ্জু হাজৰিকাৰ পৰিচালনাত অনুষ্ঠিত কাৰ্যসূচীৰ আঁত ধৰে জিলাৰ আহ্বায়িকা ৰুণুমী বৰা আৰু সাংস্কৃতিক আহ্বায়িকা চন্দনা বেজবৰুৱাই। জিলা সাহিত্য সভাৰ সভাপতি থগিত মহন্তই পতাকা উত্তোলন আৰু নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ মঞ্জু লস্কৰে স্মৃতি তৰ্পণেৰে পুৱাৰ কাৰ্যসূচী মুকলি কৰাৰ পাছত জিলাৰ আকাশ উপ সমিতিৰ সদস্যবৃন্দই ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক গীতেৰে মূল কাৰ্যসূচী আৰম্ভ হয়।

জিলাৰ প্ৰায় ৪৫ টা শাখাৰ পৰা একক বা দলীয় শিতানত ৬ মিনিটকৈ সময়ৰ ভিতৰত অনুষ্ঠান পৰিৱেশন কৰা শিল্পীবৃন্দই লোকগীত, গোৱালপৰীয়া, কামৰূপী, বিয়ানাম, আইনাম, বিহু, আধুনিক গীত, বিহুগীত আদি পৰিবেশনেৰে অনুষ্ঠানটো সফল কৰি তুলিছিল। অনুষ্ঠানত জিলাৰ তৰফৰ পৰা প্ৰায় ৯২ বছৰৰ পৰা ৭০ বছৰীয়া ৪০ গৰাকী আইমাতৃক সম্বৰ্ধনা জনোৱা অনুষ্ঠানটো আঁত ধৰে জিলা সম্পাদক ৰেৱত কুমাৰ হাজৰিকাই। আকাশ উপ সমিতিৰ কেন্দ্ৰীয় সদস্য আৰাধনা শৰ্মা, গীতাঞ্জলী কাকতি বৰদলৈকে ধৰি বহু সদস্য উপস্থিত থকা অনুষ্ঠানত জিলাৰ নৱ-নিৰ্বাচিত সভাপতি ডঃ শৰৎ বৰকটকী, প্ৰাক্তন সভাপতিদ্বয় ৰতিমোহন নাথ, নিত্যানন্দ বৰা, সহকাৰী সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা, দীপিকা নাথ, প্ৰিয়ংকু শৰ্মা, অধৰ ঠাকুৰীয়া সহ বহু কাৰ্যকৰ্তা উপস্থিত থকা কাৰ্যসূচীত অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত উপ-সভাপতি পদুম ৰাজখোৱাক আদৰণি জনায় জিলা আকাশ উপ সমিতিৰ উপ সভাপতিদ্বয় ৰেণু শইকীয়া আৰু গীতা মহন্ত শইকীয়াই। সত্ৰীয়া নৃত্যৰে আৰম্ভ হোৱা গীত-নৃত্যৰ বৰ্ণিল অনুষ্ঠানটোত জনগোষ্ঠীয় কবি নিৰলা ইংহিপী, ছাবিনা আলিয়াৰ কবিতা পাঠ, চন্দনা বেজবৰুৱাৰ ভূপেন্দ্ৰ সংগীত লগতে তুলুপ্ৰভা শইকীয়া, কল্পনা ডেকা, হিমাশ্ৰী হাজৰিকা, আৰতি মজুমদাৰ, অঞ্জলি কটকী, অনিমা ৰাজবংশী, দীপ্তি বৰা, জ্যোতিস্মৰী কলিতা সহ প্রায় অৰ্দ্ধশতক মহিলাই মুখৰিত অনুষ্ঠানটো হোজাই জিলাৰ লংকাৰ অঞ্জনা তামুলী ফুকনৰ বিহু নৃত্যৰে সফল সামৰণি পৰে।

Related Articles