আজি পুৱাৰে পৰা নগাঁও জিলাত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে পৌৰসভা নিৰ্বাচনৰ ভোট গ্ৰহন প্ৰক্ৰিয়া সমাপ্ত হয়। আজি জিলা খনৰ চাৰিখন পৌৰসভা ক্ৰমে নগাঁও, ধিং, ৰহা কামপুৰৰ মুঠ ৫২ টা ৱাৰ্ডৰ ১২২জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিছে ১ লাখ ২২ হাজাৰ ৯৯৫ জন ভোটাৰে। জিলা খনৰ প্ৰায় অধিকাংশ ভোট গ্ৰহণ কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা শান্তিপূৰ্ণ চলিছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। জিলা জনসংযোগ বিভাগে দিয়া তথ্য অনুসৰি ২৬ টা ৱাৰ্ডৰে গঠিত নগাঁও পৌৰসভাত ভোটদানৰ হাৰ আছিল ৬১.১৪ শতাংশ, ধিং পৌৰসভাত ৭০.৪২ শতাংশ, কামপুৰ পৌৰসভাত ৬৯.৮৯ শতাংশ আৰু ৰহা পৌৰসভাত ৭০.৩২ শতাংশ। উল্লেখ্য যে এই চাৰিখন পৌৰসভাৰ সৰ্বমুঠ ৫৬ টা ৱাৰ্ডৰ ভিতৰত নগাঁও পৌৰসভাৰ ৩টা আৰু ৰহা পৌৰ সভাত ১টা ৱাৰ্ডৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে ইতিমধ্যে বিজয়ী হৈছে। সেয়েহে এই চাৰিখন পৌৰসভাৰ মুঠ ৫২টা ৱাৰ্ডতে আজি ভোট গ্ৰহণ প্ৰক্ৰিয়া চলে।
নগাঁও পৌৰসভাৰ ৭ নং ৱাৰ্ডত বিধায়ক ৰূপক শৰ্মাৰ ভোটদান। নগাঁও পৌৰসভা নিৰ্বাচনৰ আজি ভোট গ্ৰহণত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই পৌৰসভাখনৰ ৭ নং ৱাৰ্ডত ভোটদান কৰে। নগাঁও চহৰৰ আমোলাপট্টি স্হিত কিৰণবালা গোস্বামী বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত বিধায়ক শৰ্মাই মাতৃ আৰু পত্নী সহ ভোটদান কৰে। উল্লেখ্য যে ৭ নং ৱাৰ্ডত প্ৰাক্তন অগপ মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাইও ভোটদান কৰে। উক্ত ৱাৰ্ডত অলকমণি ভট্টাচাৰ্য্য মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী হিচাপে নিৰ্বাচনী যুঁজত অৱতীর্ণ হৈছে।