কেইটামান টকাৰে সৎ, দৃঢ়মনা আৰু স্পষ্টবাদী, সমাজহিতৈষী লোকৰ বিবেক কিনিব পৰা নাযায় ৷(Nagaon News) প্ৰতিশোধৰ অগ্নিত দগ্ধ লোকে চলেবলে কৌশলে শত্ৰুক বৰপীৰা দি হ’লেও ক্ষতিসাধন কৰিবই ৷ অন্যায় আৰু দুৰ্নীতিৰে আৰ্জিত ধন-সম্পত্তিৰে মদগৰ্বী আৰু অহংকাৰী হোৱা লোকৰ টকাৰ অহংকাৰ চিৰস্থায়ী নহয় ৷ অন্তত, টকাৰ বলত বলৱন্ত হৈ নিকিনা গোলামৰ ছত্ৰছায়াত নিজৰ প্ৰতিপত্তি বিস্তাৰ কৰিবলৈ চেষ্টা কৰা স্বঘোষিত নেতাৰ দৰ্প অহংকাৰ যে ক্ষণস্থায়ী , তাক আকৌ এবাৰ প্ৰমাণ কৰিলে “কদমতলিৰ কুৰুক্ষেত্ৰ”ত ৷ গাঁও এখনৰ, অসমীয়া সমাজ এখনৰ পুৰণি পৰম্পৰা ,সম্প্ৰীতি আৰু ঐতিহ্যত ভাঙোন সৃষ্টি কৰিবলৈ চেষ্টা কৰা; গাঁৱৰ পুৰণি পৰম্পৰা, সম্প্ৰীতি, ঐতিহ্যত আঘাত হানিব খোজা তথা ভাঙোন সৃষ্টি কৰিব খোজা লোকক নৱ প্ৰজন্মই যে কেতিয়াও প্ৰশ্ৰয় নিদিয়ে; সেয়া প্ৰতিফলিত হ’ল নগাঁও জিলাৰ কলিয়াবৰ নিবাসী বিশিষ্ট নাট্যকাৰ, পৰিচালক ভূপেন্দ্ৰ নাথ হাজৰিকা ৰচিত নাটক “কদমতলিৰ কুৰুক্ষেত্ৰ”ত ৷
নগাঁও জিলাৰ পুৰণিগুদামস্থিত ড° ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী প্ৰেক্ষাগৃহত যোৱা ১৮ মাৰ্চত বিশিষ্ট নাট্যকাৰ ভূপেন্দ্ৰ নাথ হাজৰিকা ৰচিত আৰু বিশিষ্ট নাট্যকাৰ,পৰিচালক দীপক বৰা পৰিচালিত “কদমতলিৰ কুৰুক্ষেত্ৰ” শীৰ্ষক সামাজিক নাটখনি সফল মঞ্চস্থ কৰা হয় ৷ নগাঁৱৰ অন্যতম নাট্য সংগঠন অবিনশ্বৰ গোষ্ঠীৰ নিবেদনত তথা নাট্যকৰ্মী সকল ক্ৰমে, প্ৰণৱ বৰঠাকুৰ, জয়ন্ত শইকীয়া,দিগন্ত কুমাৰ বৰা,ভাৰ্গৱ শইকীয়া,ৰূপজ্যোতি বৰা, জিতুমণি বৰা,ৰূপজ্যোতি ভূঞা, গৌৰৱ কলিতা, চন্দ্ৰ বৰা, দুলুমনি বৰা , প্ৰাণজিৎ বৰা আৰু শৰৎ বৰুৱাৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা মঞ্চসফল নাটখনি পৰিৱেশনৰ সময় সন্ধিয়া ৭ বজাৰ পৰা ঢেৰ ঘন্টা ধৰি উপস্থিত শ্ৰোতা-দৰ্শক মন্ত্ৰমুগ্ধ হৈ থকা পৰিলক্ষিত হয় ৷ সদানন্দ আৰু ঘনশ্যাম নামৰ দুইজন সূলভ মূলৰ দোকানীৰ চৰিত্ৰত অভিনয় কৰা বাবুল ভাগৱতী আৰু আমিৰ হামজাৰ অভিনয়ে দুৰ্নীতি পৰায়ন, মদগৰ্বী, অহংকাৰী চৰিত্ৰ সঠিক ৰূপায়ন কৰিছে ; যদিও হামজাৰ চৰিত্ৰাভিনয়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনয় ভঙ্গিমা প্ৰকাশ পোৱা যেন লাগিল ৷ কদমসূঁতিৰ দুয়োপাৰৰ ৰাইজ মিলি এখন সৰু গাওঁ “কদমতলি” । এই গাঁৱৰ মানুহখিনিৰ ওপৰতে উঠি ৰজা বহি ৰজা সদানন্দ আৰু ঘনশ্যাম ৷
কদমতলি গাঁৱৰ সেৱা সকাম ভাওনা আদি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সদানন্দৰ কৰ্তৃত্ব সৰ্বাধিক ৷ ভাওনাৰ ভাও ভগোৱাক কেন্দ্ৰ কৰি অসন্তুষ্ট হোৱা ঘনশ্যামে গাওঁখন দুফাল কৰিলৈ উদ্যোগ ল’লে ৷ গাওঁ খনৰ আশী বছৰীয়া বৃদ্ধ বৰপিতাৰ হকাবধাও তেওঁলোকৰ ওচৰত মূল্যহীন হ’ল ৷ জিতুমনি ডেকা(সোনমনি)ই বৰপিতাৰ চৰিত্ৰ সুন্দৰভাৱে ৰূপায়ন কৰিছে ৷ ঘনশ্যামে “গান্ধাৰীৰ ধৰ্ম পৰীক্ষা দুৰ্যোধনৰ ৰাজ্যলাভ” শীৰ্ষক নাটকো লিখি উলিয়ালে ৷ ইয়াকে দেখি দুৰ্নীতি পৰায়ন সদানন্দয়ো নিজে খৰছ বহন কৰি হ’লেও তিনিদিনীয়াকৈ ভাওনা পতাৰ সিদ্ধান্ত ল’লে । ক‘ৰ্ট কাছাৰীত সিদ্ধহস্ত সদানন্দৰ কেচ মোকৰ্দমাৰ দৰ্খাস্তবোৰ অনাদি নামৰ শিক্ষক এজনে লিখি দিয়ে ৷ সেয়ে এইবাৰো টকাৰ বিনিময়ত ভাওনাৰ এখন নাটক লিখি দিবলৈ অনাদিক মতাই আনিলে৷ অনাদি গাঁৱৰ সাধাৰণ ৰাইজ তথা যুৱচামৰ প্ৰিয় চৰিত্ৰ ৷ চৰিত্ৰটি ৰূপায়ন কৰিছে খগেন কুমাৰ গায়নে ৷ অনাদিৰ বিবেক টকাৰে কিনিব পৰা নগ’ল ৷ ইফালে একে গাঁৱৰে নেউলা নামৰ এজনে তেওঁৰ ভনীয়েকক ঘনশ্যামে ধৰ্ষণ কৰা কাণ্ডৰ প্ৰতিশোধ ল’বলৈ সুৰুঙা এটা বিচাৰি আছিল ৷ কদমতলি গাঁৱৰ ৰাইজৰ ভুল বিচাৰৰ বাবে নেউলাৰ ভনীয়েকে আত্মহত্যা কৰিছিল। অঞ্চলৰ ভাওনাবোৰত শকুনিৰ ভাও দিয়া নেউলাই বাস্তৱতো শকুনিৰ ভাও ল’বলৈ সিদ্ধান্ত ল’লে ৷ নেউলাই সদানন্দ আৰু ঘনশ্যামৰ প্ৰিয়ভাজন হৈ বিস্তৰ ক্ষতি সাধন কৰিবলৈ চক্ৰান্তত কৰিলে ৷ নেউলাৰ চৰিত্ৰ ৰূপায়ন কৰিছিল অপেচাদাৰী নাটকৰ বলিষ্ঠ অভিনেতা মুহিত কুমাৰ বৈৰিগীয়ে ৷ অৱশেষত গাঁওখনত সদানন্দ আৰু ঘনশ্যামৰ নেতৃত্বত নেউলাই দুটা খেলৰ সৃষ্টিৰ কুমন্ত্ৰণাৰে আওপকীয়াকৈ দুয়োটা স্বয়ম্ভূ নেতাক শাস্তি প্ৰদান কৰিবলৈ কূটকৌশল ৰচনা কৰিলে ৷
এই কথা কদমসুঁতিৰ দুইপাৰৰ যুৱক যুৱতী সকল জানিব পাৰি প্ৰতিৰোধ চেষ্টা কৰিলে আৰু অনাদিৰ নেতৃত্বত তেওঁলোক একত্ৰিত হ’ল ৷ ইযাত নেউলাৰ ঘৈনীয়েক মালতীৰ ভূমিকাও যথেষ্ট আছিল ৷ মালতীৰ চৰিত্ৰত সুন্দৰ অভিনয় কৰিছিল মেঘালী বৰা শইকীয়াই ৷ নেউলাৰ চক্ৰান্তত এদিন গাঁওখনৰ নামঘৰৰ সম্পত্তি আৰু নামঘৰটো দুভাগ কৰাৰ বাবে মেল বহে।নেউলাৰ উদ্দেশ্য সিদ্ধি হয় ৷ সম্পত্তি ভাগ-বতোৱাৰা চলি থাকোতেই অনাদি প্ৰমুখ্যে যুৱক যুৱতী, মালতী সহ আহি প্ৰতিবাদ কৰাৰ লগতে সদানন্দ আৰু ঘনশ্যামক দোষী সাব্যস্ত কৰি সমাজ চ্যুত কৰে । লগেলগে দুয়ো মদমত্তৰ অহংকাৰৰো পতন ঘটে। এয়েই নাটখনিৰ মূল কাহিনীভাগ ।
“কদমতলিৰ কুৰুক্ষেত্ৰ” নামৰ নাটখনৰ জৰিয়তে নাট্যকাৰে সমাজৰ এখন বাস্তৱ ছৱি অংকন কৰিছে । দীপক বৰাৰ সুদক্ষ পৰিচালনাত অন্যান্য চৰিত্ৰাভিনেতা সকল ক্ৰমে, মিন্টু কলিতা (নল্দ) , ৰিতুমনি শইকীয়া ( সূত্ৰধাৰ) , কৃষ্ণ কমল বৰা ( মহীকান্ত), বিনোদ চন্দ্ৰ বৰা ( ক্ষিতিকান্ত), ৰাজদীপ বৰা (ধ্ৰুৱ), খঞ্জন কলিতা (সনাতন), ৰঞ্জন কুমাৰ বৰা (অভিমন্যু), প্ৰশান্ত বিশ্বাস ( প্ৰহ্লাদ) আৰু হিমাদ্ৰী গায়ন (তৰা) এ সুন্দৰ অভিনয় প্ৰদৰ্শন কৰা বুলি ক’ব পাৰি ৷ আনহাতে, প্ৰযোজনা নিয়ন্ত্ৰক প্ৰিয়াংকু শইকীয়া ; মঞ্চ প্ৰৱন্ধক থানেশ্বৰ বৰা ; পোহৰত ৰাজেন ফুকন আৰু সহযোগি ক্ৰমে, পদুম বৰা আৰু ভদ্ৰ কলিতা : সঙ্গীতত গুণকান্ত দাস আৰু সহযোগি ক্ৰমে, ভাৰ্গৱ শইকীয়া , দিশান্ত দিবং বৰা ; কণ্ঠশিল্পী ক্ৰমে, বিনোদ চন্দ্ৰ ভূঞা ,ৰঞ্জন বৰা আৰু হিমাদ্ৰি গায়ন ;: দৃশ্য সজ্জাত সীমান্ত কলিতা ; সম্পাদনাত দীপেন দাস, সন্তোষ কুমাৰ বৰা আৰু বিজিৎ শাণ্ডিল্য ; ৰূপ সজ্জাত প্ৰকাশ বৰা ; হস্ত সৰঞ্জামত অনিল বৰা আৰু দীপেন দাস আন্ধাৰ মঞ্চত থাকি নাটখন সফল মঞ্চায়ন কৰাত বলিষ্ঠ ভূমিকা পালন কৰা যেন পৰিলক্ষিত হয় ৷