Nagarbera Regional Ras Festival: নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱত ১২ ফুট দৈৰ্ঘৰ ইলেক্ট্ৰনিক শ্ৰীশ্ৰী যুগলৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণেৰে চমক সৃষ্টিৰ প্ৰয়াস

গুৱাহাটী, ১১ নৱেম্বৰঃ শ্ৰী শ্ৰী ৰাস মহোৎসৱ(Nagarbera Regional Ras Festival) উদযাপনৰ বাবে ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ বকো-ছয়গাওঁ সমষ্টিৰ অন্তৰ্গত ঐতিহ্যমণ্ডিত নগৰবেৰাতো আগন্তুক ১৪ নৱেম্বৰ পৰা ২৬ নৱেম্বৰলৈ তেৰ দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ উদযাপন কৰিবলৈ সাজু হৈছে উদ্যোক্তাসকলৰ লগতে বৃহত্তৰ নগৰবেৰাবাসী ৰাইজে।

সেই উপলক্ষে ইতিমধ্যেই অস্থায়ী কাৰ্যালয়ৰ উদ্ধোধন, সাংস্কৃতিক মঞ্চ-ৰাস মহোৎসৱৰ ৰভা, মূল তৰণ, বজাৰৰ কেইবাটাও সৰুবৰ অত্যাধুনিক তৰণ আদিৰ উপৰিও নগৰবেৰা বজাৰ এলেকা আৰু ৰাসময়দান প্ৰাংগণ প্ৰতিটো অলিয়েগলিয়ে ইতিমধ্যেই অত্যাধুনিক আলোকসজ্জাৰ সজাই পৰাই তোলা কাম দিনৰাতিৰ প্ৰভেদ নৰখাকৈ কৰি থকা পৰিলক্ষিত হৈছে।

উদযাপন সমিতিৰ সভাপতি মদন পাঠক আৰু মুখ্য সম্পাদক চাৰুকৃষ্ণ কলিতাই জনোৱা মতে, ইতিমধ্যেই নগৰবেৰা ৰাস মহোৎসৱৰ প্ৰায় ৮০ শতাংশ কাম প্ৰায় সম্পন্ন হৈছে আৰু দুই এদিনতে যাৱতীয় কাম সম্পন্ন কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

ইপিনে ঐতিহ্যমণ্ডিত নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱত শ্ৰী শ্ৰী কৃষ্ণৰ বিভিন্ন লীলা ভক্ত প্ৰাণ ৰাইজক দেখোৱাৰ উদ্দেশ্য ইতিমধ্যে বঃহি ৰাজ্যৰ মৃণ্ময় প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰা শিল্পী খনিকৰ সকলে দিনে নিশাই শ্ৰী শ্ৰী কৃষ্ণ প্ৰতিমূৰ্ত্তি, দেৱ-দেবী, গোপী- গোপিনী সকলৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰাৰ লগতে শ্ৰী শ্ৰী কৃষ্ণৰ কেইবাটাও বৈদ্যুতিক প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰাৰ উপৰিও এইবেলি নগৰবেৰা ৰাস মহোৎসৱত বিশেষ আকৰ্ষণ ১২ ফুট দৈৰ্ঘ্যৰ ব্যয়বহুল ইলেক্ট্ৰনিক শ্ৰী শ্ৰী যুগলৰ প্ৰতিমূৰ্ত্তি নিৰ্মাণ কৰিছে উদযাপন সমিতিয়ে।

উল্লেখযোগ্য যে, ৯২ বৰ্ষত ভৰি দিয়া নগৰবেৰা আঞ্চলিক ৰাস মহোৎসৱে এইবাৰ ২০২৪ বৰ্ষত মহাপ্ৰয়োভৰেৰে আয়োজন কৰিছে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা। নগৰবেৰাৰ কেইবাটাও গাঁৱত পূৰ্ণগতিত চলিছে শ্ৰী শ্ৰী কৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ আখৰা আৰু প্ৰস্তুতিপৰ্ব।

অভিনৱ দৃশ্যসজ্জা, আলোকসজ্জা আৰু উন্নতকাৰিকৰী কৌশল আৰু সাৱলীল অভিনয়ৰে যাত্ৰাভিনয়ৰে দশৰ্কক আপ্লুত কৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

পূৰ্বৰ ঐতিহ্য পৰম্পৰা অক্ষুণ্ণ ৰাখি মহামিলনেৰে এইবেলিও ৰাস মহোৎসৱটি সৰ্বাংগসুন্দৰ কৈ উদযাপন কৰাৰ লগতে ৰাস মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচীত সমূহ ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা কামনা কৰে ৰাস মহোৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়া সকলে।

Related Articles