Nagarjuna: বৰ পুত্ৰৰ বিয়া, সৰু পুত্ৰৰ এংগেজমেণ্ট; আনন্দত আত্মহাৰা শহুৰ দেউতাক নাগাৰ্জুন

দক্ষিণ ছুপাৰষ্টাৰ নাগাৰ্জুনৰ ঘৰ সুখেৰে ভৰি পৰিছে। শেহতীয়াকৈ নাগাৰ্জুনে শোভিতা ধূলিপালাৰ সৈতে জ্যেষ্ঠ পুত্ৰ নগা চৈতন্যৰ এংগেজমেণ্টৰ কথা ঘোষণা কৰিছিল আৰু অহা মাহত দুয়ো বিবাহপাশত আবদ্ধ হ’ব। বিয়াৰ প্ৰস্তুতিৰ মাজতে ছুপাৰষ্টাৰগৰাকীৰ কনিষ্ঠ পুত্ৰ অখিল আকিনেনীৰো এংগেজমেণ্ট হৈছে। নাগাৰ্জুনে নিজেই নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টৰ জৰিয়তে অনুৰাগীৰ সৈতে এই ভাল খবৰটো শ্বেয়াৰ কৰিছে।(Nagarjuna)

কনিষ্ঠ পুত্ৰৰ এংগেজমেণ্টক লৈ সুখ প্ৰকাশ কৰি নাগাৰ্জুনে কয় যে দীৰ্ঘদিন ধৰি ডেটিং কৰি থকা জৈনৱ ৰাৱাডজীৰ সৈতে অখিলৰ এংগেজমেণ্ট হৈছে। সৰু বোৱাৰী জৈনাবকো তেওঁ পৰিয়াললৈ আদৰি লৈছে। দম্পতীহালক সুখী আৰু সমৃদ্ধিশালী জীৱনৰ কামনা কৰে। তেওঁলোকৰ এংগেজমেণ্ট অনুষ্ঠানত কেৱল ঘনিষ্ঠ আত্মীয় আৰু বন্ধু-বান্ধৱীহে উপস্থিত আছিল।(Akhil Akkineni Engagement)

আনহাতে অখিল আকিনেনীয়েও নিজৰ ইনষ্টাগ্ৰামত জৈনাব ৰাৱাজীৰ সৈতে কিছু মৰমলগা ছবি শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘মই চিৰদিনৰ বাবে মোৰ সংগীক বিচাৰি পাইছোঁ। আপোনালোকক জৈনাব ৰাৱাজী আৰু মই বাগ্দান কৰা বুলি জনাবলৈ পাই সুখী হৈছো।

নাগাৰ্জুনৰ কনিষ্ঠ বোৱাৰী জৈনব ৰাৱাজীৰ পৰিচয়ক লৈ মানুহৰ মনত কৌতুহলৰ সৃষ্টি হৈছিল। জৈনাব হৈছে সুপৰিচিত উদ্যোগপতি জুলফি ৰাৱাজীৰ কন্যা।(Zainab Ravdjee)

Related Articles