নলবাৰী, ১২ ডিচেম্বৰ : সমগ্ৰ অসমত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে যোৱা ১০, ১১ আৰু ১২ তাৰিখে আয়োজন কৰা “জাতীয় গৰ্জন” কাৰ্যসূচীৰ অংশ ৰূপে আজি নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে নলবাৰী চহৰৰ এন টি ৰোডস্থিত মাৰুতি ষ্টেণ্ডত এই জাতীয় গৰ্জন কাৰ্যসূচী পালন কৰে । আজিৰ কাৰ্যসূচী মৰ্মে বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন বিষয়া আটাউৰ ৰহমানে, শ্বহীদ তৰ্পন কৰে নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ৰোফ আলীয়ে । তদুপৰি এই সভাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা জ্ঞানেন চক্ৰৱৰ্তীয়ে কা আন্দোলন তীব্ৰ কৰাৰ হুংকাৰ প্ৰদান কৰে । তদুপৰি গণশিল্পী ৰাজেন শৰ্মাই বিপ্লৱী গীত পৰিবেশন কৰাৰ লগতে কৃষক মুক্তি নেতা দীপেন কলিতা, হেদায়ৎ উল্লাহ আৰু মনোজ ডেকাই কৃষক গগৈৰ মুক্তিৰ দাবী তুলি শ্বহীদৰ তেজ অথলে যাব দিয়া নহব বুলি মন্তব্য প্ৰকাশ কৰে । আজিৰ এই সভাত দুৰ্নীতি বিৰোধী যুৱ শক্তি নেতা ৱাছিম আক্ৰাম তথা ব্ৰজেন বৰ্মন, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা কৌশিক বৰ্মন, অসম সংগ্ৰামী মঞ্চৰ নেতা ৰূপম দাস সহ প্ৰমুখ্যে বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়
- Animal Fat Used Laddu Prasadam: মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক! লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি অভিযোগ এগৰাকী মুখ্যমন্ত্ৰীৰ
- Urinary Tract Infection: প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ!
- Father Killed Son: শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ
- Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
- Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ