নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ ৰ অন্তৰ্গত দক্ষিণ গাঁওস্থিত নিৰ্মীয়মাণ নলবাৰী মেডিকেল কলেজত আজি আবেলি ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ চিকিৎসালয়খন পৰিদৰ্শন কৰে। উল্লেখ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ খনে ৰাজ্যখনৰ কেঞ্চাৰ ৰোগী সকলৰ চিকিৎসাৰ সুবিধাৰ বাবে টাটা ট্ৰাষ্টৰ সৈতে যৌথ ভাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ১৭ খন অতি উন্নত মানৰ কেঞ্চাৰ চিকিৎসালয় স্হাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ অংগ স্বৰূপে ঘগ্ৰাপাৰৰ সমীপৰ দক্ষিণগাওঁৰ ১২০ বিঘা মাটিত নিৰ্মাণ কৰি থকা চিকিৎসা মহাবিদ্যালয়ৰ হাস্পাতাল চৌহদৰ ৮ বিঘা ভূমিত এখন কেঞ্চাৰ হস্পিটেলত স্হাপন কৰা হব বুলি নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই সদৰী কৰে। আজি আবেলি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই নলবাৰীৰ বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাক লগত লৈ চিকিৎসা মহাবিদ্যালয় খন পৰিদৰ্শন কৰি নিৰ্মাণকাৰী গৌতম কনষ্ট্ৰাকচন কোম্পানীৰ এম ডি চি আৰ বদ্য, নলবাৰীৰ উপায়ুক্ত গীতিমনি ফুকনৰ লগত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।
আনহাতে মন্ত্ৰী গৰাকীয়ে শীঘ্ৰেই চিকিৎসালয় খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ গৌতম কনষ্ট্ৰাকচনক নিৰ্দেশ দিয়ে। উল্লেখ্য যে- অহা ২৮ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰ্চুৱেলী উক্ত কেঞ্চাৰ চিকিৎসালয় খনৰ আধাৰশিলা স্হাপন কৰিব। আনহাতে উক্ত কেঞ্চাৰ চিকিৎসালয় খন স্হাপন হলে নলবাৰী জিলাৰ উপৰিও ওচৰৰ কেইবাখনো জিলাৰ কেঞ্চাৰ ৰোগী সকল বাৰুকৈয়ে উপকৃত হব বুলি মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে। আজি মন্ত্ৰী গৰাকীক সংগ দিয়ে নলবাৰীৰ অতিৰিক্ত উপায়ুক্ত ফিৰদৌচ আলম শ্বৈখ, চক্ৰ বিষয়া মনিষা কলিতা, নলবাৰীৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ উমেশ ফাংচু,নলবাৰী লোক নিৰ্মাণ (গৃহ) কাৰ্যবাহী অভিযন্তা প্ৰাঞ্জল শৰ্মা, সহকাৰী কাৰ্যবাহী অভিযন্তা ধ্বজেন নাথ, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, অগপৰ কেন্দ্ৰীয় নেতা দিলীপ কুমাৰ দাস, ডঃ ৰবীন দাস, বড়িগোগ বনভাগ মণ্ডল সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা, বিজেপি নেতা ভ্ৰমৰ মজুমদাৰ আদি।