অৱশেষত বহু জল্পনা-কল্পনা ৰ অন্তত শাষণাধিস্থ চৰকাৰ আৰু মিত্ৰজত ৰ অগপ দলৰ মাজত ৰাজনৈতিক ভাবে বহু বিতৰ্কৰ সৃষ্টি কৰি অহা নামনি অসমৰ বঙাইগাঁও জিলা সদৰ চহৰখনৰ পৌৰসভা অধ্যক্ষ ৰ পদবীধাৰী অভয়াপুৰী পৌৰসভা ৰ অধ্যক্ষ আৰু উপাধ্যক্ষ ৰ নাম ঘোষিত হোৱাৰ লগতে আজি শপত বাক্য পাঠ কৰায়।
প্রাপ্ত বাতৰি মতে বঙাইগাঁও জিলা সদৰ চহৰত অৱস্থিত বিজেপিৰ জিলা কাৰ্য্যালয়ত আজি জিলা সভানেত্ৰী হিমানী অধিকাৰী ৰ সঞ্চালনাত এক সভা অনুষ্ঠিত হয়। উক্ত সভা বঙাইগাঁও চহৰৰ ১৬নং ৱাৰ্ড ৰ বিজয়ী প্ৰাৰ্থী সুবোধ চন্দ্ৰ দাসৰ নামটো পৌৰপতি হিচাপে ঘোষিত হোৱাৰ লগতে অভয়াপুৰী পৌৰসভা ৰ ৮নং ৱাৰ্ডৰ বিজয়ী প্ৰাৰ্থী ৰমেন্দ্ৰ নাৰায়ণ বণিক্যক অধ্যক্ষ আৰু জোনমনি ৰাভাক উপাধ্যক্ষ হিচাবে প্ৰস্তাৱ গ্ৰহন কৰি ঘোষণা কৰে।
উক্ত সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সদস্য সুকেন ৰায়,প্ৰভাৰী ব্ৰজ কুমাৰ দাস,সাধাৰণ সম্পাদকদ্বয় শংকৰ বিশ্বাস আৰু জ্যোতিৰ্ময় চৰকাৰ ,জিলা উপ সভাপতি কৌস্তৱ দাস ,দেৱজিৎ বস মণ্ডল আৰু ব্লক সমিতিৰ নেতা কৰ্মী সকল উপস্থিত থাকে। সভাত শতাধিক অগপ দলৰ নেতাকৰ্মী বিজেপি দলত যোগদান কৰে।ইয়াৰ পিছতে বঙাইগাঁও জিলা উপায়ুক্ত আৰু উত্তৰ শালমাৰা মহুকুমা কাৰ্য্যালয় দুটাত শপত বাক্য পাঠ কৰোৱায় উপায়ুক্ত আৰু মহুকুমাধিপতি বিষয়াই বুলি বাতৰিটোত প্ৰকাশ।