Breaking

ইন্ডিয়া বুকচ অফ ৰেকৰ্ডছত অন্তৰ্ভুক্ত হ’ল অসমৰ তথাকথিত সাহিত্য অভিযন্তাৰ নাম

0 1,172

সাম্প্ৰতিক সময়ত অসমীয়া ভাষা সাহিত্যৰ বিভিন্ন বাতৰি কাকত আৰু সামাজিক মাধ্যমত সাহিত্য অভিযন্তা হিচাপে আত্মপ্ৰকাশ কৰা তথা কৰ্ম সূত্রে নয়ডাৰ নিৱাসী চুমিন্দ্ৰ চৌধুৰীয়ে কৰোণা মহামাৰীৰ সময়ত ২০২১ চনত দেশজুৰি তলা বন্ধ হোৱাৰ সময়তে watsappৰ জৰিয়তে ১,২০,০০০ শব্দ লিপিবদ্ধ কৰি পাচত মুদ্ৰিত কৰা তিনিখনকৈ গ্ৰন্থ ৰ বাবে India Book of Records নামৰ সংস্থাটোৱে তেওঁৰ কৰ্মৰাজিক প্ৰশংসা পত্রৰ জৰিয়তে স্বীকৃতি প্ৰদান কৰিছে । মিজোৰাম আৰু অৰুনাচলৰ নেৰিষ্টৰ পটভূমিত অসমীয়া ভাষাত শ্ৰী চৌধুৰীয়ে লিখি উলিওৱ ‘বিহংগম দৃষ্টিত মিজোৰাম’ নামৰ উপন্যাসখনৰ লগতে সেইখন গ্ৰন্থৰ ইংৰাজী অনুবাদ ‘ Nghah-Loh-Dawr ‘আৰু ‘এজন সাহিত্য অভিযন্তাৰ আত্ম কথা’  নামৰ গল্প আৰু প্ৰবন্ধৰ সংকলন গ্ৰন্থ কেইখনে ইতিমধ্যেই পাঠকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সমৰ্থ হৈছে । উল্লেখনীয় যে বিহংগম দৃষ্টিত মিজোৰাম গ্ৰন্থখন ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ে গবেষণাৰ বিষয় বস্তু হিচাপে মনোনীত কৰিছে ।নয়ডাস্থিত কোবেল্ক কনষ্ট্ৰাকছন নামৰ জাপানীজ কোম্পানী এটাত কৰ্মৰত পেছাত এজন যান্ত্ৰিক অভিযন্তা চুমিন্দ্র চৌধুৰীয়ে প্ৰায় আঠ মাহ সময়ৰ ভিতৰত লিখি যুগুতাইছিল এই দুখন উপন্যাসৰ লগতে চল্লিশ টা ভিন্নসুৰী গল্প আৰু ত্রিশটা বিভিন্ন বিষয়ৰ মনোগ্ৰাহী প্ৰবন্ধৰে সমৃদ্ধ সংকলনখনো ।

লেখক চৌধুৰীদেৱে এই কঠিন সময়খিনিত সাহিত্যক এক অভিযান্ত্ৰিক বিষয় হিচাপে লৈ কৰোণা মহামাৰীৰ সময়ত বিভিন্ন গল্প আৰু প্ৰবন্ধৰ জৰিয়তে সমাজৰ লোকসকলৰ মাজত যোগাত্মক আবেগৰ সৃষ্টিৰে পাঠকৰ হৃদয়ত স্থান দখল কৰিব সমৰ্থ হৈছিল । চৌধুৰী দেৱৰ স্বৰচিত এই আটাইকেইখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ ভাষা প্ৰকাশন নামৰ আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰ শ্ৰীযুত মুকুটশৰ্মা ডাঙৰীয়াই । 

Leave A Reply

Your email address will not be published.