Breaking

মুম্বাইৰ ননাৱতী মেক্স হস্পিতালৰ উদ্যোগত গুৱাহাটীত অ’ পি ডি সেৱা

0 13

মুম্বাইৰ ননাৱতী মেক্স হস্পিতালে গুৱাহাটীৰ নেমকেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ সহযোগত অংক’লজী আৰু অংগ সংৰোপণৰ (বৃক্ক, যকৃত, অগ্ন্যাশয় আৰু অন্ত্ৰ) বাবে মাল্টি-স্পেচিয়েলিটি অ’ পি ডি সেৱা আৰম্ভ কৰাৰ কথা ঘোষণা কৰে ।আন এখন চহৰ বা ৰাজ্যলৈ যাব নলগীয়াকৈয়েই ৰোগীসকলক সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদানৰ দ্বাৰা সুস্বাস্থ্যৱান কৰি তোলাৰ বাবে চিকিৎসালয়খনৰ এক ৰোগী-কেন্দ্ৰিক পদক্ষেপ হিচাপে এই অ’ পি ডিৰ শুভাৰম্ভ কৰা হৈছে।

ননাৱতী মেক্স ছুপাৰ স্পেচিয়েলিটি হস্পিতালৰ ১৫ জনতকৈও অধিক জ্যেষ্ঠ চিকিৎসকৰ এটা দলে প্ৰতিমাহে গুৱাহাটীৰ নেমকেয়াৰ ছুপাৰ স্পেচিয়েলিটি হস্পিতাললৈ আহি দুপৰীয়া ১ বজাৰ পৰা আবেলি ৪ বজালৈ অ’ পি ডি সেৱা আগবঢ়াব। ব্যতিক্ৰমী চিকিৎসা পেছাদাৰী আৰু অত্যাধুনিক প্ৰযুক্তিসমূহক একত্ৰীকৰণৰ দ্বাৰা বিশেষ যত্ন প্ৰদান কৰি স্বাস্থ্যসেৱাৰ দৃশ্যপট পুনৰ নিৰ্ধাৰণ কৰাটোৱেই হৈছে এই মাল্টি-স্পেচিয়েলিটি অ’ পি ডি মুকলিৰ মূল উদ্দেশ্।

Leave A Reply