Breaking

জামুগুৰি কবি মঞ্চৰ উদ্যাগত নন্দেশ্বৰ শইকীয়া স্মাৰক বক্তৃতানুষ্ঠান

0 152


দৈনন্দিন বাৰ্তা সেৱা, জামুগুৰিহাটঃ আদৰ্শ অবিহনে এটা জাতি জীয়াই থাকিব নোৱাৰে। অসমীয়া জাতিক সেই আদৰ্শ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ-শ্ৰী শ্ৰী মাধৱদেৱে দি থৈ গৈছে। আমি মাথোন সেই আদৰ্শৰে আগবাঢ়ি গ’লেই জাতিৰ সংকট বহুখিনি দূৰ হ’ব। – এই মন্তব্য অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰধান সম্পাদক মিংকু কলিতাৰ।

যোৱা ২৯ অক্টোবত, জামুগুৰিহাটৰ বাপুজী ভৱনত জামুগুৰিহাটৰ অন্যতম কাব্য চৰ্চাৰ অনুষ্ঠান জামুগুৰি কবি মঞ্চৰ উদ্যোগত অনুষ্ঠিত বিশিষ্ট সমাজকৰ্মী, নাট্যকাৰ-ঔপন্যাসিক নাৰায়ণপুৰ পাণবাৰীৰ নন্দেশ্বৰ শইকীয়া স্মাৰক বক্তৃতানুষ্ঠানৰ মুখ্য বক্তা হিচাপে ভাষন প্ৰদান কৰি এইদৰে মন্তব্য আগবঢ়ায়। উল্লেখ্য যে জামুগুৰি কবি মঞ্চৰ সম্পাদক কৃষ্ণকান্ত তালুকদাৰে আঁতধৰা আৰু জ্যোতি কলিতাৰ এটি ঘোষাৰে আৰম্ভ হোৱা  উক্ত বক্তৃতানুষ্ঠানত সভাপতিৰ আসন গ্ৰহণ কৰে বিশিষ্ট প্ৰবীণ কবি তথা জামুগুৰি কবি মঞ্চৰ সভাপতি তৰুণ বৰুৱাই।

সভাখনত নন্দেশ্বৰ শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে তেখেতৰ বোৱাৰী হেমন্তী শইকীয়াই আৰু আদৰণি ভাষণ প্ৰদান কৰে শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি তথা নন্দেশ্বৰ শইকীয়াৰ দ্বিতীয় পুত্ৰ ডাঃ হৰেন শইকীয়াই। ১৯১৮ চনত নাৰায়ণপুৰৰ পাণবাৰীত জন্মলাভ কৰা এইগৰাকী নন্দেশ্বৰ শইকীয়া ৩ বছৰ বয়সতে মাজুলীৰ আউনিআটি সত্ৰলৈ গৈ তাতে শিক্ষা জীৱনৰ পাতনি মেলি পৰৱৰ্তী গুৱাহাটী সোণাৰাম হাইস্কুল আৰু যোৰহাটৰ নৰ্মাল স্কুলত শিক্ষা গ্ৰহণ কৰাৰ উপৰিও হিন্দীত বিষাৰদ ডিগ্ৰী লাভ কৰে।

ইয়াৰ পাছতো তেখেতে চাকৰিমুখী নহৈ ব্যৱসায়ৰ মাজেৰে জীৱন অতিক্ৰম কৰে। ১৯৪২ ৰ স্বাধীনতা সংগ্রামৰ এগৰাকী সৈনিক শইকীয়াই অসমীয়া সাহিত্যৰ ভঁৰাললৈও যথেষ্ট অৱদান আগবঢ়াই থৈ যায়। তেখেতৰ প্ৰকাশিত  গ্ৰন্থ সমূহ ক্ৰমে গনতন্ত্র (উপন্যাস), কৰ্ণ পৰ্ব, প্ৰহ্লাদ চৰিত্ৰ, ভীষ্ম পৰ্ব (আধুনিক নাট), জৱাহৰলাল নেহৰু, ৰাম মনোহৰ লোহিয়া (জীৱনী গ্ৰন্থ) আদি।

ইয়াৰোপৰি তেখেতে তেখেতৰ ‘শইকীয়া ব্ৰাদাৰ্চ বুকষ্টল’ৰ পৰা বহুসংখ্যক মূল্যবান গ্ৰন্থও প্ৰকাশ কৰিছিল। আজিৰ সভাখনত মুখ্য বক্তা মিংকু কলিতাৰ উপৰিও বাপুজী ভৱন নাট্য সমাজৰ সভাপতি জনাৰ্দন ভূঞা, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃতী শিক্ষক তথা বিশিষ্ট সাহিত্যিক মহেশ্বৰ বৰা আৰু জটাধাৰী উপন্যাসৰ বাবে সাহিত্য অকাডেমিৰ যুৱ সাহিত্যিক বঁটা প্ৰাপক তথা নন্দেশ্বৰ শইকীয়াৰ নাতিনী প্ৰাৰ্থনা শইকীয়াই স্মৃতিচাৰণ কৰে।

ভাষণ প্ৰসংগত প্ৰাৰ্থনা শইকীয়াই কয় যে ইতিহাস চেতনাৰ অভাবে নতুন প্ৰজন্মক সমাজৰ পৰা আঁতৰাই আনিছে। আনহাতে সভাখনত শিল্পী বাণীকান্ত দাসৰ গীত আৰু বৰ্ষীয়ান কবি নগেন কলিতাৰ স্বৰচিত কবিতা পাঠে সভাখন সতেজ কৰি তোলে।

জামুগুৰিহাটৰ বাপুজী ভৱনত অনুষ্ঠিত উক্ত সভাখনত অঞ্চলটো বিশিষ্ট ব্যক্তিসকল ক্ৰমে প্ৰেম নাৰায়ণ গোস্বামী, ফুল হাজৰিকা, নাৰায়ণ শইকীয়া, ৰেবতী মোহন হাজৰিকা, নিৰ্মালী দেৱী, কবিতা শৰ্মা, চক্ৰপাণী শৰ্মা, গুৰু প্ৰসাদ উপাধ্যায়, গিৰীন কুমাৰ নাথ, নগেন বৰা, হেম বৰুৱা, ইন্দ্ৰ প্ৰসাদ নাথ, জ্যোতি ভট্টাচার্য, নীলকমল হাজৰিকা, কৰ্পূৰমঞ্জুৰী তালুকদাৰ, উৎপল শৰ্মা প্ৰমুখ্যে অৰ্দ্ধশতাধিক সাহিত্যানুৰাগী উপস্থিত থাকে।

আনহাতে মঞ্চৰ পত্ৰিকা সম্পাদক গীতা শইকীয়াই অহা ১৫ নবেম্বৰত কাব্যালোচনী ‘ঢৌ’ উন্মোচন হ’ব বুলি সভাক অৱগত কৰে। সভাখনৰ সফল ৰূপায়নৰ বাবে সকলোলৈকে উদ্যোক্তাসকলে ধন্যবাদ জ্ঞাপন কৰে।

Leave A Reply

Your email address will not be published.