Breaking

সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত নন্দোৎসৱ পালন…

0 11

বৰপেটা সত্ৰত পালিত উৎসৱ-পাৰ্বণ সমুহৰ ভিতৰত নন্দোৎসৱ অন্যতম৷ শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পিছদিনা বৰপেটা সত্ৰত পালন কৰা হয় নন্দোৎসৱ৷ নন্দোৎসৱক বৰপেটাত স্থানীয়ভাৱে ‘পেকযাত্ৰা’ বুলিহে কোৱা হয়৷ নন্দোৎসৱ উপলক্ষে বৰপেটা সত্ৰৰ টুপৰ চোতালত শিশুসকলে বোকাখেলি আনন্দত আপ্লুত হৈ পৰে৷ নন্দোৎসৱ উপলক্ষে সত্ৰত পূৰ্বাপৰ ৰীতি অনুযায়ী পুৱাৰ গীত, ভটিমা গাই বন্তি প্ৰজ্বলনৰ লগতে নাম-প্ৰসঙ্গত চৰণ, যুগল, পটল আৰু শিশুলীলাৰ ঘোষা গোৱা হয়৷ নন্দোৎসৱ উপলক্ষে সত্ৰৰ কীৰ্তনঘৰৰ ভিতৰত শ্ৰীৰাম আতা বিৰচিত নন্দেৎসৱ নাটত শিশু কৃষ্ণৰ ভাও লৈ শিশুসকলে নাচ গান কৰে৷

ইপিনে ব্ৰজধামত শিশু কৃষ্ণৰ জন্মৰ পিচত হোৱা আনন্দ উল্লাসৰ অনুকৰণত বৰপেটা সত্ৰত নন্দোৎসৱৰ দিনটোত বোকাভাওণা হৈছে ৷ গায়ন বায়ন আৰু নাম প্ৰসঙ্গত বহু ভকতেহ অংশগ্ৰহন কৰাৰ লগতে সত্ৰীয়া ৰীতি পৰম্পৰাৰে গায়ন বায়নে শিশুলীলা পাঠ কৰি নন্দোৎসৱ পালন কৰে ৷ ইপিনে বৰপেটা সত্ৰৰ গুৰুআসনৰ পিছ পিনে দৈব্যজ্ঞই শ্ৰীকৃষ্ণৰ জন্মৰ গণনা সম্পন্ন কৰে৷ ইয়াৰ পিছতে বৰপেটা সত্ৰৰ গায়ন- বায়ন প্ৰমুখ্যে ভকত সকলে নাম গাই বৰপেটা সত্ৰৰ গুৰুআসনৰ চাৰি পিনে ৫ পাক ঘুৰি সত্ৰৰ পশ্চিম দুৱাৰেদি বাহিৰলৈ আহি সত্ৰৰ মুল কীৰ্ত্তন ঘৰৰ চাৰিওফালে সাত পাক ঘুৰি মঠৰ চোতালত নামৰ সামৰণি পৰে৷ ইয়াৰ লগে লগে বৰপেটা সত্ৰত পালিত নন্দোৎসৱৰ সামৰণি পৰে৷

Leave A Reply

Your email address will not be published.