Breaking

পলাশবাৰী সমষ্টিৰ ঐতিহ্যমণ্ডিত ৰাজাপুখুৰী বাসুদেৱ মন্দিৰ আৰু নহিৰাৰ গোপীনাথ মন্দিৰত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে নন্দোৎসৱ পালন…

0 1,619

পলাশবাৰী সমষ্টিৰ ঐতিহ্যমণ্ডিত ৰাজাপুখুৰী বাসুদেৱ মন্দিৰ আৰু নহিৰাৰ গোপীনাথ মন্দিৰত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে নন্দোৎসৱ পালন কৰা দেখিবলৈ পোৱা যায়।নহিৰাৰ গোপীনাথ মন্দিৰত ৰাইজৰ পাৰভঙা আনন্দোৎসৱৰ মাজেৰে পুৱাভাগত পতাকা উত্তোলন, বন্তি প্ৰজ্বলনৰ পিছতে এটি বিশাল সাংস্কৃতিক শোভাযাত্ৰা ও উলিয়ায়।শোভাযাত্ৰাত ৰাধাকৃষ্ণৰ যুগলন্দী আছিল চালেচকুৰোৱা।ইফালে ৰাজাপুখুৰীৰ বাসুদেৱ মন্দিৰটো একে হৰিনামৰ ধ্বনিত মুখৰিত হৈ পৰে চৌপাশৰ আকাশ বতাহ।

ডেকা -বৃদ্ধমিলী সুন্দৰ কৈ নামকীৰ্তনেৰে বোকাত নাচি নাচি মতলীয়া হৈ পৰিল যুৱক সকল। গোপ গোপী সকলৰ নাচোনৰ লগতে কংসৰ ধ্বংসলীলা আছিল অনন্য দিশ।এফালে দুশ বছৰীয়া ঐতিহ্য ৰক্ষা আৰু আনফালে পোন্ধৰ বছৰীয়া ঐতিহ্যমণ্ডিত
নহিৰাত নিশা ভাগত পূৰ্ণাংগ নাট মঞ্চস্থ কৰিব বুলি জানিব পৰা গৈছে।ঐতিহ্যমণ্ডিত দুয়োখন ঠাইৰ নন্দোৎসৱ অৰ্থাৎ বোকা নামত আজি অজস্ৰ লোকে ভিৰ কৰা দেখিবলৈ পোৱা যায়।

Leave A Reply

Your email address will not be published.