Breaking

বিষ্ণুজ্যোতি সাংস্কৃতিক গোষ্ঠীৰ নাঙেলী গীতৰ কৰ্মশালা কলাইগাঁওত

0 1,581

অসমৰ লোক সংস্কৃতিৰ ক্ষেত্ৰখনত ভালেমান পদক্ষেপ নিৰৱচীৰ্নভাৱে গ্ৰহণ কৰি বিলুপ্তিৰ গৰ্ভত হেৰাই যাব খোজা পুৰণি লোক সংগীত শৈলীৰ উদ্ধাৰ, প্ৰচাৰ, প্ৰসাৰ, সংৰক্ষণ আৰু গৱেষণাৰ কামত আত্মনিয়োগ কৰি অহা বিশিষ্ট স্বেচ্ছাসেৱী অনুষ্ঠান বিষ্ণুজ্যোতি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বিটিআৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনস্থ ওদালগুৰি সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত ১১ জুলাইৰ পৰা ১৭ জুলাইলৈ বিলুপ্তপ্ৰায় নাঙেলী গীতৰ এটি সাদিনীয়া কৰ্মশালাৰ অনুস্থিত হৈছে।

বিয়লি ২ বজাৰ পৰা অনুষ্ঠিত হৈ থকা কৰ্মশালাত নিতৌ তাত্ত্বিক আৰু প্ৰায়োগিক পাঠদানত কে’বাগৰাকীও গৱেষক আৰু শিল্পীয়ে সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰি আহিছে। ১৭ জুলাইত বিয়লি ১ বজাত শিলপোতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক আনন্দি বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিতব্য সামৰণি অনুষ্ঠান উদ্বোধন কৰিব লেখক, কৃতী শিক্ষক সৎৰাম ডেকাই। বিটিআৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োৱে মুখ্য অতিথিৰ আসন অলংকৃত কৰিবলগীয়া কৰ্মশালা সামৰণি অনুষ্ঠানখনিত বিটিআৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা আৰু ওদালগুৰি সাংস্কৃতিক কেন্দ্ৰৰ সাংস্কৃতিক উন্নয়ন বিষয়া যুগান্ত বায়নে সম্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

তদুপৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক ডঃ বিজয় কুমাৰ শৰ্মা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ডঃ  দীপামণি বৰুৱা দাস, দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ সম্পাদক নৱ কুমাৰ শইকীয়া আৰু জেষ্ঠ সাংবাদিক ইমৰাণ হুছেইনে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব বুলি বিষ্ণুজ্যোতি সাংস্কৃতিক গোষ্ঠীৰ সম্পাদক মিঠু বড়োই জানিবলৈ দিয়ে।

মঙলদৈৰ পৰা অজয় ডেকা

Leave A Reply

Your email address will not be published.