Natasa-Hardik Meeting: বিবাহ বিচ্ছেদৰ দুমাহৰ পিছত মুখামুখি নাটাছা-হাৰ্ডিক

নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াৰ বিবাহ বিচ্ছেদৰ ২ মাহ হ’ল। চলিত বৰ্ষৰ ২০২৪ চনৰ জুলাই মাহত নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াই বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল। দুয়োজনে একেলগে এক বিবৃতি প্ৰকাশ কৰিছিল, য’ত তেওঁলোকে কয় যে চাৰি বছৰ একেলগে থকাৰ পিছত পাৰস্পৰিক সন্মতিৰে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে, কিন্তু একেলগে পুত্ৰ অগস্ত্যৰ যত্ন ল’ব। কিন্তু এই সিদ্ধান্তই তেওঁৰ অনুৰাগীসকলক বহুত হতাশ কৰিছিল আৰু মানুহে নাটাছাক বহুত ট্ৰল কৰিবলৈ আৰম্ভ কৰিছিল। পিছত খবৰ ওলাল যে হাৰ্দিকেহে বেলেগৰ সৈতে ডেটিং কৰি আছে।(Natasa-Hardik Meeting)

তাৰপিছত অনুৰাগীয়ে নাটাছাৰ ওচৰত ক্ষমা খুজিছিল। ইফালে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে এটা ভিডিঅ’, য’ত নাটাছা আৰু হাৰ্দিক ২ মাহৰ বিবাহ বিচ্ছেদৰ পিছত মুখামুখি হৈছিল। ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈ পৰিছে। আচলতে বিবাহ বিচ্ছেদৰ ঘোষণাৰ পিছত নাটাছা পুত্ৰ আগষ্ট্যাৰ সৈতে ছাৰ্বিয়াৰ নিজৰ গৃহ চহৰলৈ গৈছিল আৰু এতিয়া নাটাশা ভাৰতলৈ উভতি আহিছে। এনে অৱস্থাত পুত্ৰক দেখাৰ পিছত হাৰ্দিকৰ সুখৰ সীমা নাই আৰু লগে লগে পুত্ৰক কোলাত লয় হাৰ্দিকে।(natasa stankovic)

অনুৰাগীসকলো যেন নাটাছা আৰু হাৰ্দিকৰ এই সাক্ষাৎকাৰত অতিশয় উৎসাহিত হৈ পৰিছিল। পুত্ৰ অগস্ত্যক দেখাৰ লগে লগে হাৰ্দিকে কোলাত তুলি ল’লে। এই সময়ছোৱাত হাৰ্দিকৰ জ্যেষ্ঠ ভাতৃ ক্ৰুনালৰ পুত্ৰকো তেওঁৰ লগত দেখা গ’ল। ভিডিঅ’টোত দেখা গৈছে যে হাৰ্দিকে আনন্দত চিঞৰি চিঞৰি নিজৰ পুত্ৰক কোলাত তুলি লৈছে। দুয়োৰে অনুৰাগীসকলেও এই ভাইৰেল ভিডিঅ’টোত মন্তব্য কৰি উল্লাস প্ৰকাশ কৰিছে।(hardik pandya)

ক’ৰোনা মহামাৰীৰ সময়ত ২০২০ চনত নাটাছা ষ্টেনকভিচ আৰু হাৰ্দিক পাণ্ডিয়াৰ বিবাহ হৈছিল। ইয়াৰ পিছত দুয়োজনে পুত্ৰ অগস্ত্যক আদৰণি জনায়। ইয়াৰ পিছত দুয়োৰে পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ উপস্থিতিত ২০২৩ চনত অতি আড়ম্বৰেৰে বিবাহপাশত আবদ্ধ হয়। কিন্তু বিয়াৰ এবছৰৰ অন্তত দুয়োৰে বিবাহ বিচ্ছেদ হোৱাৰ সিদ্ধান্ত লোৱাত অনুৰাগীৰ সকলেও কষ্ট পাইছিল। লগতে, নাটাছাই নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ পৰা পাণ্ডিয়াৰ উপাধিও আঁতৰাই পেলাইছিল।(divorce)

Related Articles