National Arogya Mela: সাতসৰী সামাজিক, সাংস্কৃতিক উন্নয়নৰ উদ্যোগত ৰাষ্ট্ৰীয় আৰোগ্য মেলা

ডিচেম্বৰ মাহৰ ৫,৬,৭ আৰু ৮ তাৰিখে গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত অনুষ্ঠিত হ’ব সাতসৰী সামাজিক, সাংস্কৃতিক উন্নয়নৰ উদ্যোগত ৰাষ্ট্ৰীয় আৰোগ্য মেলা।(National Arogya Mela)

সাম্প্ৰতিক সময়ত মানুহে যি স্বাস্থ্যহীনতা আৰু অৱস শৰীৰৰ কৰাল গ্ৰাসত ভুগিছে, জীৱন যন্ত্ৰণাৰ মুক্তি বিচাৰিছে তাৰ প্ৰতি দৃষ্টি ৰাখি ২৫ বৰ্ষ অতিক্ৰম কৰি ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া সাতসৰী সামাজিক আৰু সাংস্কৃতিক সংস্থাই ভাৰত ৰত্ন তথা অমৰ পুৰুষ অটল বিহাৰী বাজপেয়ী দেৱৰ জম্মদিৱসৰ লগত সংগতি ৰাখি অহা ডিচেম্বৰ মাহৰ ৫,৬,৭ আৰু ৮ তাৰিখে অনুষ্ঠিত কৰিবলৈ ওলাইছে বৃহৎ ৰাষ্ট্রীয় আয়ুর্বেদিক আৰোগ্য আৰোগ্য মেলাত ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অনেক লোকৰ সমাগম হোৱাৰ লগতে আহিব বিদেশী পর্যটকো। এই আৰোগ্য মেলা অনুষ্ঠিত হ’ব গুৱাহাটী মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত।(guwahati)


অসমৰ চুকে কোণে থকা বনদৰৱ মেলা সমূহ আৰু তাৰ চিকিতসা পদ্ধতিৰ প্ৰচাৰ , প্ৰসাৰ আৰু ভৱিষ্যতলৈ সংৰক্ষণ কৰাই এই মেলাৰ মুখ্য উদ্দেশ্য। মেলাৰ প্ৰথম দিনাই প্ৰায় ৩৪৭ বিধ বনৌষধি প্ৰদৰ্শনী জাগৰণ শোভাযাত্ৰা হোৱাৰ উপৰিও হব সদৌ অসম ভিত্তিত দিহানাম, ভূপেন্দ্ৰ সংগীত, ৰাবা সংগীত, বিয়া নাম, পৰম্পৰাগত সাজপাৰ আদি। প্রিয় নাৰী তথা সাতসৰীৰ সভানেত্ৰী ড° মন্দিৰা বৰুৱাৰ উদ্যোগত হবলগীয়া এই ৰাষ্ট্ৰীয় আয়ুবেদিক আৰোগ্য মেলা অসমত পোনপ্ৰথমবাৰৰ বাবে হৈ ইতিহাস ৰচনা কৰিব। অসমত নাই কি, অনেক বনৌষধি বৃক্ষ আৰু বনৌষধি চিকিতসাৰে অসম ভৰপূৰ কিন্তু আমাৰ জ্ঞানৰ অভাৱত আৰু চৰ্চাৰ অবাৱৰ বাবে এই মূল্যৱান অমৃত বৃক্ষ সমূহ লুপ্ত হৈ তথা অনাদৃত হৈ পৰি আছে।(National Arogya Mela 2024)

সাতসৰীৰ সভানেত্ৰী প্ৰিয়নাৰী ড°মন্দিৰা বৰুৱাই সমগ্ৰ অসমবাসীক বিনামূলীয়া আয়ুবেদিক চিকিতাসাসেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। অসমবাসীক সাতসৰীৰ এই মহান উদ্দেশ্যক সাফল্যমণ্ডিত কৰিবলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছে। ৰাষ্ট্রীয় আৰোগ্য মেলাৰ মুখ্য উদ্দেশ্যসমূহ হ’ল-

১) পৰম্পৰাগত চিকিৎসা পদ্ধতিক পুনৰুদ্ধাৰ কৰা। ২) থলুৱা তথা অখ্যাত বৈদ্যৰ চিকিৎসা পদ্ধতি জনসাধাৰণৰ সমুখলৈ আনি প্রচাৰ প্রসাৰ কৰা। ৩) আদিম চিকিৎসক তথা পুৰণি কালৰ পৰাই বনদৰৱেৰে ৰাইজৰ হিতাৰ্থে সেৱা আগবঢ়াই অহা অখ্য়াত দৈদ্যসকলে বিখ্যাত কৰাৰ এক প্ৰয়াস। ৪)চিকিৎসা বিজ্ঞানৰ শিক্ষাৰ্থীৰ বাবে এই মেলা হব অধ্যয়নৰ এক চক্ৰ তথা অনুশীলন চক্ৰ। ৫) পাশ্চক্রিয়াহীন বনদৰৱেৰে শৰীৰ সুস্থ কৰাৰ প্রয়াস। ৬) অসমৰ অনাদৃত অমৃত সম বনৌষধি বৃক্ষ ৰাইজৰ মাজলৈ আনি সংৰক্ষণৰ দিহা কৰা। ৭) পৰম্পৰাগত উৎকৃষ্ট চিকিৎসা পদ্ধতিক বর্তমানৰ লগতে ভবিষ্যত প্রজন্মলৈও সংৰক্ষণ কৰা। ৮) বনৌষধি বৃক্ষ সংৰক্ষণৰ লগে লগে জাগৰণ কৰা। ৯) মেলাৰ প্রত্যেক দিনেই পৰম্পৰা আৰু সংস্কৃতিৰ এক উৎকৃষ্ট নিদৰ্শন বিয়ানাম, দিহানাম, ৰাভাসংগীত, জ্যোতি সংগীত, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা পাতি অসমীয়া সংস্কৃতি ধৰি ৰখাৰ প্ৰয়াস কৰা। ১০) জাগৰণ শোভাযাত্রাৰ জৰিয়তে বিলুপ্তিৰ পথলৈ গতি কৰা মহৌষধি বৃক্ষ, তৃণক অনন্তকাললৈ জীৱিত ৰখাৰ দৃঢ় প্রয়াস কৰা।

আনহাতে সাতসৰী ২০২৪ ৰাষ্ট্ৰীয় আয়ুর্বেদিক আৰোগ্য মেলাত অহা ডিচেম্বৰত ৫, ৬, ৭, আৰু ৮/১২/২৪ ডিচেম্বৰত সদৌ অসম ভিত্তিত হ’ব লগা প্রতিযোগিতাৰ পুৰস্কাৰ সমূহ হৈছে-
১) সাজ-পাৰ প্রতিযোগিতাৰ পুৰস্কাৰক্রমে
প্রথম ১৫০০০/-
দ্বিতীয়- ১০০০০/-
তৃতীয়- ৭০০০/-
২) দিহানামৰ পুৰস্কাৰ সমূহ ক্রমে-
প্রথম ২৫০০০/-
দ্বিতীয়- ২০০০০/-
তৃতীয় ১৫০০০/-
৩) বিয়ানাম প্রতিযোগিতাৰ পুৰস্কাৰ সমূহ ক্রমে
প্রথম ২০০০০/-
দ্বিতীয়- ১৫০০০/-
তৃতীয়- ১০০০০/-
৪) জ্যোতি সঙ্গীত প্রতিযোগিতাৰ পুৰস্কাৰ সমূহ ক্রমে-
প্রথম – ১০০০০/-
দ্বিতীয়- ৭০০০/-
তৃতীয়- ৫০০০
নিচুকনী পুৰস্কাৰ ২০০০/-
৫) ৰাভা সঙ্গীত প্রতিযোগিতাৰ পুৰস্কাৰ সমূহ ক্রমে-
প্রথম- ১০০০০
দ্বিতীয়- ৭০০০/-
তৃতীয়- ৫০০০/-
নিচুকনী পুৰষ্কাৰ২০০০/-

লগতে অহা ৪ ডিচেম্বৰৰ ৰাতিপুৱা ৯ বজাত কিছু আগশাৰীৰ স্কুল-কলেজৰ শিক্ষাৰ্থী আৰু গায়ন-বায়নৰ সৈতে ৩০০ বন শাকৰ নামৰ Play কার্ড লৈ সাতসৰীৰ সদস্যা সকলে দীঘল পুখুৰীৰ পাৰৰ লক্ষীধৰ বৰা ক্ষেত্ৰৰ পৰা শোভাযাত্রাত অংশগ্রহণ কৰিব।

Related Articles