Breaking

ৰঙিয়াত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন

0 21

সোমবাৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়তো ৰাষ্ট্ৰীয় চিকিৎসক দিৱস কাৰ্যসূচীৰে ৰূপায়ণ কৰা হয়। চিকিৎসক দিৱস উপলক্ষে পুৱাৰ ভাগত কেক কাটি কাৰ্যসূচীৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ কৰে চিকিৎসালয় খনৰ উপ- অধীক্ষক ডাঃ দিলীপ কুমাৰ বৈশ্যই। ইয়াৰ পিছতে স্বাস্থ্যকৰ্মী অমূল্য বৈশ্যই আঁত ধৰা মুকলি সভাত মহকুমা স্বাস্থ্য বিষয়া ডাঃ পদ্মেশ্বৰ কলিতা,চিকিৎসক ডাঃ পাপৰী দাসৰ লগতে ৰচিদা বেগম ,ননী কলিতা,ৰীণা পাঠক,ডিম্বেশ্বৰ ঠাকুৰীয়াই ভাষণ ৰাখে।

ভাষণ প্ৰসঙ্গত ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপনৰ প্ৰাসঙ্গিকতা তথা গুৰুত্ব সন্দৰ্ভত বক্তাসকলে আলোকপাত কৰে। ইফালে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ভাৰতীয় ষ্টেট বেংকৰ ৰঙিয়া শাখাৰ মুখ্য প্ৰৱন্ধক জি কে সিং আৰু উপ প্ৰৱন্ধক সাগৰ ৰয়েও অংশগ্ৰহণ কৰে।

Leave A Reply