গড়গাঁও মহাবিদ্যালয়ত ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস’ উদযাপন

ঐতিহ্য মণ্ডিত গড়গাঁও মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত আৰু মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপন কোষ আৰু  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি কোষৰ সহযোগত ‘আজাদী কা অমৃত মহোৎসৱ’ ৰ এটি কাৰ্যসূচী ৰূপে  আজি উদযাপন কৰা হয় ‘ৰাষ্ট্ৰীয় কন্যা শিশু দিবস'(National girl child day)।প্ৰথমে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্ত, ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড০ৰিমঝিম বৰা , আভ্যন্তৰীণ মান নিৰূপন কোষৰ সমন্বয়ক ড০সুৰজিত শইকীয়া,শিক্ষাতত্ব বিভাগৰ মুৰব্বী অধ্যাপক ড০বিদ্যানন্দ বৰকাকতী, অসমীয়া বিভাগৰ অধ্যাপক প্ৰণব দুৱৰা,অৰ্থনীতি বিভাগৰ অধ্যাপিকা অংকিতা দত্ত আৰু সমূহ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকাইডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ  সহযোগত ভাৰ্চুৱেল মাধ্যমৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰে। এই অনুষ্ঠানৰ পাছতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই ৰাষ্ট্ৰীয় কন্যা শিশু দিবসৰ তাৎপৰ্য ব্যাখ্যা কৰি তেখেতৰ সাৰগৰ্ভ বক্তৃতাত কয় যে কন্যা সকলক পূৰ্ণ মানব সত্বা ৰূপে প্ৰতিষ্ঠিত কৰিবলৈ হ’লে এনেধৰণৰ সজাগতা অনুষ্ঠানৰ লগতে বৰ্তমানৰ প্ৰজন্মই কন্যা সন্তানৰ অধিকাৰ, সুৰক্ষা, গুৰুত্ব আৰু দায়িত্ব সম্পৰ্কে সজাগ হোৱাটো অতিকে প্ৰয়োজনীয় হৈ পৰিছে। প্ৰতিগৰাকী নাৰীক পুৰুষৰ সমানে আগবঢ়াই নিব পাৰিলেহে এখন সুন্দৰ গণতান্ত্ৰিক সমাজৰ আশা কৰিব পাৰি। ইয়াৰ পাছতে বিভিন্ন দিশত  স্বপ্ৰতিভাৰে  ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্জ্বলি উঠা মহাবিদ্যালয়ৰ চাৰিগৰাকী ছাত্ৰী ক্ৰমে জ্ঞানতৃষা ফুকন (২০১৯-২০ বৰ্ষৰ  ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ ৰাজ্যিক বঁটা প্ৰাপ্ত শ্ৰেষ্ঠ স্বেচ্ছাসেৱিকা), ৰুটুজা দেউৰী (ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাহিত্য  প্ৰতিযোগিতাত বঁটা প্ৰাপ্ত) গৌৰাংগী ভট্টাচাৰ্য (ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত বঁটা প্ৰাপ্ত),প্ৰস্তুতি ফুকন (ৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেলুৱৈ) ক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ কাৰ্যক্ৰম বিষয়া ড০ৰিমঝিম বৰাই আঁত ধৰা অনুষ্ঠানটিত উল্লেখ কৰে যে অতি প্ৰাচীন কালৰে পৰা নাৰীয়ে নিজৰ যোগ্যতাসমূহ প্ৰদৰ্শন কৰি আহিছে  আৰু এই গুৰুত্ব উপলব্ধি কৰিয়েই বৰ্তমান সময়তো নাৰীৰ স্বাধীনতা,সমতা আৰু সুৰক্ষাৰ ক্ষেত্ৰত সমাজৰ প্ৰতিজন ব্যক্তি সচেতন হোৱাটো উচিত। অনুষ্ঠানটিত ভিন্ন দিশত উজ্জ্বলি উঠা ছাত্ৰী কেইগৰাকীয়ে নিজা অভিজ্ঞতা সমূহ বৰ্ণনা কৰে। প্ৰায় ডেৰশৰো অধিক মহাবিদ্যালয়ৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱিকা উপস্থিত থকা অনুষ্ঠানটি সাফলতাৰে  উদযাপন কৰা বাবে ড০ৰিমঝিম বৰাই সকলোকে শলাগৰ শৰাইৰ আগবঢ়াই।

Related Articles