পশ্চিম অসমৰ ভাষা-সাহিত্য-সংস্কৃতি গৱেষণা কেন্দ্ৰ আৰু ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত “পশ্চিম অসমৰ লোক সংস্কৃতি :পৰম্পৰা আৰু পৰিৱৰ্তন” শীৰ্ষক বিষয়ত অসম সাহিত্য সভাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰ সম্পন্ন…

অসম সাহিত্য সভাৰ পশ্চিম অসমৰ ভাষা-সাহিত্য-সংস্কৃতি গৱেষণা কেন্দ্ৰ আৰু ধুবুৰীস্থিত ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত,চিলাৰায় মহাবিদ্যালয়ৰ গৱেষণা কোষ আৰু স্বাধীনতা সংগ্ৰামী যতীন্দ্ৰ নাৰায়ণ দাস গ্ৰাম্য পুথিভঁৰালৰ সহযোগত ভোলানাথ মহাবিদ্যালয় চৌহদত ৮ আৰু ৯ জুলাই,২০২৩ খ্ৰীষ্টাব্দত দুদিনীয়া কাৰ্যসূচীৰে ‘পশ্চিম অসমৰ লোকসংস্কৃতিঃপৰম্পৰা আৰু পৰিৱৰ্তন’ শীৰ্ষক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাসত্ৰ সম্পন্ন হয়৷ পশ্চিম অসমৰ লোকসাহিত্য,ভৌতিক সংস্কৃতি,সামাজিক লোকাচাৰ,লোক পৰিৱেশ্য কলা,জনগোষ্ঠীয় পৰম্পৰাগত জ্ঞান,লোকসংস্কৃতি আৰু পৰ্যটন,লোকচিকিৎসা আদি উপবিষয় সম্বলিত এই আলোচনাসত্ৰখনৰ প্ৰথম দিনা (৮জুলাই) অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে ভোলানাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰীতা বৰাই,স্মৃতি তৰ্পণ কৰে ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ছাইদুল ইছলামে,ভোলানাথ চৌধুৰীৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড.উপেন্দ্ৰজিত শৰ্মাই ,বৃক্ষৰোপণ কৰে ধুবুৰী জিলা সাহিত্য সভাৰ উপসভাপতি আনোৱাৰ হুছেইনে।

ৰাতিপুৱা ১০.৩০ বজাৰ পৰা আলোচনা সত্ৰৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হয়। আলোচনা সত্ৰৰ সমন্বয়ক ড.উমেশ দাসে আঁত ধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে ভোলানাথ মহাবিদ্যালয়ৰ উপাধ্যক্ষা ৰীতা বৰাই । অনুষ্ঠানটোৰ বন্তি প্ৰজ্জ্বলন কৰে ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তৰণী কান্ত ৰায়ে,উদ্বোধনী ভাষণ প্ৰদান কৰে চিলাৰায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ভাৰত ভূষণ মহান্তিয়ে। আলোচনা সত্ৰখনৰ বীজ ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড.উপেন্দ্ৰজিত শৰ্মাই |উদ্বোধনী অনুষ্ঠানটোত আলোচনা সত্ৰখনৰ সংক্ষিপ্তসাৰ গ্ৰন্থখনৰ শুভ উন্মোচন কৰা হয় । অনুষ্ঠানটোত অসম সাহিত্য সভাৰ আঞ্চলিক সম্পাদক দীপক পাটোৱাৰী,সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ,গৱেষণা আহ্বায়ক দীপক সৰকাৰ,ধুবুৰী জিলা সাহিত্য সভাৰ উপসভাপতি আনোৱাৰ হুছেইন,সম্পাদক বিনয় কুমাৰ নাথ ,ভোলানাথ মহাবিদ্যালয়ৰ অধ্যাপক -অধ্যাপিকাবৃন্দ ক্ৰমে ছাইদুল ইছলাম, ড.অলকা শৰ্মা,ড.পলী বেজবৰুৱা,ছাইফুল হাচান,দেৱশ্ৰী ৰায়, ধুবুৰী ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা জুঁই দাস প্ৰমুখ্যে শতাধিক গৱেষক-গৱেষিকা ,ছাত্ৰ -ছাত্ৰীবৃন্দই অংশগ্ৰহণ কৰে। উদ্বোধনী অনুষ্ঠানৰ পিছতে ড.অলকা শৰ্মাৰ সঞ্চালনাত ছাত্ৰ -ছাত্ৰী ,গৱেষকসকলৰ ব্যৱহাৰিক জ্ঞান লাভৰ উদ্দেশ্যে পশ্চিম অসমৰ গীত-মাত,কবিতা আবৃত্তিৰ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

৯জুলাই তাৰিখে ৰাতিপুৱা ৯বজাৰ পৰা গৱেষণা পত্ৰ পাঠ অনুষ্ঠান অনুষ্ঠিত হয়। চাৰিটা স্তৰত অনুষ্ঠিত হোৱা গৱেষণা পত্ৰ পাঠ অনুষ্ঠানত অসমীয়া আৰু ইংৰাজী ভাষাত ৮০খন গৱেষণা পত্ৰ পাঠ হয় । আলোচনা সত্ৰখনত জলপাইগুৰিৰ আনন্দ চন্দ্ৰ মহাবিদ্যালয়ৰ অধ্যাপক ড.বিশ্বজিত ৰায়,শিলিগুৰি মহিলা মহাবিদ্যালয়ৰ অধ্যাপক ড.বিপ্লৱ সাহা,চিলাৰায় মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক নিতাই চন্দ্ৰ ৰায়,চেৰফাংগুৰি জনতা মহাবিদ্যালয়ৰ সহযোগী তথা অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড.লীনা শৰ্মা,বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড.ডেইজী ৰাণী ডেকা ,গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড.ধীৰেন বৰ্মন,ইংৰাজী বিভাগৰ সহযোগী অধ্যাপক ড.গোপাল বৰ্মন ,সাপটগ্ৰাম মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক আব্দুল বাতেন মণ্ডল আদিয়ে সমল ব্যক্তি হিচাপে অংশ গ্ৰহণ কৰে। আবেলি ৩বজাৰ পৰা ৰাষ্ট্ৰীয় আলোচনা সত্ৰখনৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হয়। আলোচনা সত্ৰখনৰ সমন্বয়ক ড.উমেশ দাসে আঁত ধৰা অনুষ্ঠানটোৰ সঞ্চালনা কৰে ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক , গৱেষক, সাহিত্যিক ড.দ্বিপেন্দ্ৰ কুমাৰ অধিকাৰীয়ে। সামৰণি অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে চিলাৰায় মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰী মুৰব্বী অধ্যাপক, গৱেষক, সাহিত্যিক ড.দ্বিজেন্দ্ৰ নাথ ভকত আৰু অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড.উপেন্দ্ৰজিত শৰ্মাই। অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ ছাত্ৰীবৃন্দই অসম সাহিত্য সভাৰ সভা আৰম্ভণি গীত চিৰ চেনেহী মোৰ ভাষা জননী পৰিবেশন কৰে |প্ৰমাণ পত্ৰ বিতৰণ অনুষ্ঠানৰ আঁত ধৰে ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ড.অলকা শৰ্মা ,ড.পলী বেজবৰুৱা, দেৱশ্ৰী ৰায় আৰু ছাইফুল হাচানে। দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা সত্ৰখনৰ সামগ্ৰীক প্ৰতিবেদন পাঠ কৰে সমন্বয়ক ড.উমেশ দাসে। অনুষ্ঠানটোৰ আলোচনা সত্ৰ সমূহৰ প্ৰতিবেদক হিচাপে অংশ গ্ৰহণ কৰে চিলাৰায় মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা নিৰ্মলা ৰায় ,গৱেষণা আহ্বায়ক দীপক সৰকাৰ ,সাংগঠনিক সম্পাদক আজাদ আলী আহমেদ ,আঞ্চলিক সম্পাদক দীপক পাটোৱাৰী,জিলা সাহিত্য সভাৰ সম্পাদক বিনয় কুমাৰ নাথ,বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ গৱেষক দেৱজিত সাহাই |জাতীয় সংগীত পৰিবেশনেৰে অনুষ্ঠানৰ সামৰণি ঘোষণা কৰা হয়।

Related Articles