মৈৰামাৰাত ৰাষ্ট্ৰীয় পোষণ মাহ পালন

ৰাষ্ট্ৰীয় পোষণ মাহ ২০২১ ৰ উপলক্ষে বুধবাৰে বৰপেটা জিলাৰ গাত লাগি থকা নৱ গঠিত বজালী জিলাৰ ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ  উদ্যোগত মৈৰামাৰা (এ)  চক্ৰৰ ১১৪ নং অংগনৱাড়ী কেন্দ্ৰত পোষণ মাহৰ শুভাৰম্ভ কৰাৰ লগতে এখন  পোষণ ভাটিকাৰো  উদ্ধোধন কৰা হয়। এই পোষণ ভাটিকাখনৰ উদ্বোধন কৰি বৃক্ষৰূপণ  কাৰ্যসূচী ৰূপায়ণ কৰে বৰপেটা জিলাৰ সহকাৰী আয়ুক্ত তথা জিলা সমাজ কল্যান বিভাগৰ ভাৰপ্ৰাপ্ত জিলা বিষয়া  দীপাংকৰ কলিতাৰ  লগতে ভৱানীপুৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ প্ৰকল্প বিষয়া বীণা ৰাণী দেৱীয়ে । উল্লেখ্য যে,  প্ৰকল্প বিষয়া বীণা ৰাণী দেৱীৰ নেতৃত্বত তথা মৈৰামাৰা (এ) চক্ৰৰ মুখ্য সেৱিকা জাহানাৰা বেগম আৰু পোষণ অভিযানৰ খণ্ড সমন্বয়ক বিভু ৰঞ্জন ভৰালীৰ তত্বাবধান অনুষ্ঠিত হোৱা আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলাৰ সহকাৰী আয়ুক্ত তথা জিলা সমাজ কল্যান বিভাগৰ ভাৰপ্ৰাপ্ত জিলা বিষয়া দীপাংকৰ কলিতা , ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ নিভা চৌধুৰী , ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ৰাজু দাস, জনস্বাস্থ্য কাৰিকৰী বিভাগ,  বৰপেটা জিলাৰ জল জীৱন মিছনৰ জিলা সমন্বয়ক অপৰ্ণা অধিকাৰী , জিলা মহিলা শক্তি কেন্দ্ৰ আঁচনিখনৰ জিলা বিষয়া দীক্ষিতা বৰ্মন, পিৰামল  ফাউণ্ডেছনৰ বি টি ও কাকলি ৰাণী দেৱীয়ে  উপস্থিত থাকে। 

Related Articles