ৰক্তহীনতা,পুষ্টিহীনতা নিৰ্মূলাৰ্থে সজাগতা সৃষ্টিৰ বাতাবৰণ । যোগাভাষ,পৰিষ্কাৰ পৰিছণ্ণতাৰ সেউজী সংকল্পৰে এখন সুস্থ সমাজত প্ৰতিগৰাকী শিশুকে সু নাগৰিকৰূপে গঢ় দিয়াৰ লক্ষ্যৰে আজি হাজোৰ কুলহাটীত ৰাষ্ট্ৰীয় পোষন পষেক ২০২২ ” পালন কৰা হ’য় ।পোষন ট্ৰেকাৰৰ জড়িয়তে ০-৫ বছৰৰ শিশুৰ উচ্চতা ,ওজন মাপৰ এক পোষেক যোৰা কাৰ্যসূচীৰে আধুনিক পৰম্পৰাগত অভ্যাসৰ দ্বাৰা এখনি শক্তিশালী সমাজ গঢ়াৰ গুৰুত্বৰে পুষ্টিহীনতা দূৰ কৰি এখন সুস্থ সমাজ গঢ় দিয়াৰ লক্ষ্যৰে আজিসমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ হাজো সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত সম্পণ্ণ হোৱা এই অনুষ্ঠানটোত পোষন পষেক উপলক্ষে সজাগতামূলক গীত , অভিনয় শৈলী আৰু নাম প্ৰসংগ পৰিৱেশনৰ যোগেদি পোষণ পষেক উদযাপনৰ শীৰ্ষক কাৰ্য্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে ।
কাৰ্যসূচীত পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলা, আইৰন সেৱন,প্ৰেৰণ সেৱা আদি বিভিণ্ণ বিষয়ৰ ওপৰত গৰ্ভৱতী শিশু প্ৰসূতি মাতৃসকলক সজাগ কৰাৰ লগতে পৰিপুৰক পুষ্টিকৰ খাদ্যভাস সম্পৰ্কে তৃণমূল পৰ্যায়ত লৱলগীয়া যতন সন্দৰ্ভত বক্তব্য দাঙি ধৰে।অনুষ্ঠানটোত শিশুসকল আৰু মাতৃসকলৰ পৰিপুষ্টি আহাৰৰ নিদৰ্শন ৰূপে ভিন্ন প্ৰকাৰৰ তিতা মিঠা কেহা ফল-মূল,সেউজীয়া শাক-পাচলি,কণী,আইৰন টেবলেট আদি সজাই পৰাই ৰখাওঁ পৰিলক্ষিত হৈছে।সজাগতামূলক সভাখনত উপস্থিত থাকে হাজো সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ড° নছিউৰ ৰহমান,মুখ্য সেৱিকাবৃন্দ ক্ৰমে চাৰ্য ঠাকুৰীয়া,ৰূপালী হাজৰিকা,সংগীতা তাঁতী,টি কবিতা দেৱী,নিলুফাৰ ইয়াছমিন,বিশিষ্ট শিক্ষয়ত্ৰী ৰিনা প্ৰভা মালাকৰ,সমাজ সেৱিকা পুতুলী মহন্ত,নিৰডা বায়নকে প্ৰমূখ্য কৰি সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ বিভিন্ন অংগনবাড়ী কেন্দ্ৰৰ প্ৰায় শতাধিক কৰ্মী সহায়িকা,স্বাস্থ্য কৰ্মী তথা অঞ্চলটোৰ ৰাইজে অংশগ্ৰহণ কৰে ।