Breaking

টংলাত নেচনেল স্কুল অৱ ড্ৰামা, বাৰানাসী কেন্দ্ৰৰ উদ্যোগত পাৰিজাত হৰণ অংকীয়া ভাওনা প্ৰদৰ্শন…

0 54

টংলাত নেচনেল স্কুল অৱ ড্ৰামা, বাৰানাসী কেন্দ্ৰৰ পাৰিজাত হৰণ অংকীয়া ভাওনা প্ৰদৰ্শন। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, বাৰাণসী কেন্দ্ৰ আৰু সংগীত নাটক একাডেমি, গুৱাহাটীৰ যৌথ তত্বাৱধানত শনিবাৰে সন্ধিয়া দাপোন দ্যা মিৰৰ, আমাৰ গাওঁত অংকীয়া ভাওনা পাৰিজাত হৰণ নাট প্ৰদৰ্শন হয়। পাৰিজাত হৰণ অংকীয়া ভাওনা প্ৰদৰ্শন কৰি দৰ্শক ৰাইজৰ বিপুল সমাদৰ লাভ কৰে ৷

নেচনেল স্কুল অৱ ড্ৰামাৰ স্নাতক পবিত্ৰ ৰাভাৰ দ্বাৰা সৃষ্ট দাপোন দ্যা মিৰ’ৰ নামৰ সংস্থাৰ ওদালগুৰি জিলাৰ টংলাস্থিত আমাৰ গাঁৱত নেচনেল স্কুল অৱ ড্ৰামা, বাৰানাসী কেন্দ্ৰত পৰম্পৰাগত নাটক বিষয়ত অধ্যয়নৰত দিল্লী, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ঝাৰখণ্ড, ওড়িষা, ছটিছগড় আৰু জম্বু-কাশ্মীৰ প্ৰশিক্ষাৰ্থীসকলে আউনীআটী সত্ৰৰ শিক্ষক হৰিচৰণ বৰ বায়ন আৰু ধীৰেন চেকনিধৰাৰ পৰিচালনাত লক্ষ্মীকান্ত কাকতি আৰু সহযোগী বাপ-বান্ধৱসকলৰ তত্ত্বাৱধানত ২০ দিন শ্ৰীমন্তশঙ্কৰদেৱৰ মহান সৃষ্টি পাৰিজাত হৰণ অংকীয়া ভাওনাৰ আখৰা কৰি বহিঃৰাজ্যৰ শিল্পীসকলে ভাওনা প্ৰদৰ্শন কৰি সমবেত দৰ্শকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷

Leave A Reply

Your email address will not be published.