Breaking

চেলেংহাটৰ সমাজ কৰ্মী তুষাৰ পাললৈ ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা

0 2,072

যোৰহাট জিলা টীয়ক চেলেংহাটৰ সমাজ কৰ্মী তথা বিশিষ্ট শৰীৰ চৰ্চাবিদ  তুষাৰ পাললৈ আগবঢ়োৱা হৈছে ‘ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা’ । ১০ বছৰ অধিক সময় ধৰি সমাজ কৰ্মী পালে সমগ্ৰ যোৰহাট জিলাত ড্ৰাগছ আৰু সুৰাৰ বাবে বিভিন্ন অঞ্চলত সজাগতা শিবিৰ  অনুষ্ঠিত কৰি আহিছে । উল্লেখ যে এই জন সমাজ কৰ্মীয়ে মহামাৰী কৰ’না ভাইৰাছৰ সময়টো হোম কোৰাণ্টাইন হৈ থকা পৰিয়ালৰ লগতে দৰিদ্ৰ  পৰিয়ালৰ মাজতো নিজা একক প্ৰচেষ্টাৰে খাদ্য সামগ্ৰী যোগান ধৰি মহানুভৱতা দাঙি ধৰিছে। এইজন সমাজ কৰ্মী তুষাৰ পালক ড্ৰাগছ আৰু নিচা জাতীয় দ্ৰব্যৰ বিৰুদ্ধে অত্যধিক সময় সজাগতাৰ শিবিৰ কৰি অহাৰ বাবে ১৫ জুন ২০২১ তাৰিখে দিল্লীত এই ৰাষ্ট্ৰীয় সমাজ সেৱা ৰত্ন বঁটা প্ৰদান কৰিব। বৰ্তমান এই খবৰ পাই সকলোৱে ধন্যবাদ জ্ঞাপন কৰিছে তুষাৰ পালক ।

Leave A Reply

Your email address will not be published.