Breaking

চিমেন চাপৰিত  বিকেডব্লিউএচিৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন…

0 107

চিমেন চাপৰিত  বিকেডব্লিউএচিৰ উদ্যোগত ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন

বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী লৌহ মানৱখ্যাত চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম দিন উপলক্ষে আজি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন কৰা হয়। ধেমাজি জিলাৰ সানজাৰি নৌগৌৰৰ চিমেন চাপৰিস্থিত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ত অনুষ্ঠিত কৰা অনুষ্ঠানৰ পুৱা ৫-৩০ বজাত একতাৰ বাবে দৌৰ কাৰ্য্যসূচীৰ ফ্লেগ অফ্ কৰে বিকেডব্লিউএচিৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে।পুৱা ৭ বজাত গছপুলি ৰোপণ কৰে বিকেডব্লিউএচিৰ উপাধ্যক্ষ সৃজৌন বসুমতাৰীয়ে।পুৱা ৮ বজাত চৰ্দাৰ বল্লভ ভাই পেটেলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলী অৰ্পণ কৰে সানজাৰাং লক্ষেশ্বৰ ব্ৰহ্ম আৰু জৌহৌলাও নীলেশ্বৰ ব্ৰহ্ম বঁটাপ্ৰাপ্ত বীৰেন্দ্ৰ কুমাৰ ব্ৰহ্মই।

পুৱা ১০ বজাৰ পৰা ৰাষ্ট্ৰীয় একতা দিৱস বিষয়ত ৰচনা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ উদ্ধোধন কৰে বিকেডব্লিউএচিৰ অধ্যক্ষ অনিল বসুমতাৰীয়ে।ইয়াৰ পিছত ৰাষ্ট্ৰীয় একতা দিৱসৰ ওপৰত জ্যেষ্ঠ নাগৰিক আৰু ছাত্র-ছাত্ৰী সকলৰ বক্তব্য অনুষ্ঠানৰ উদ্ধোধন কৰে বিকেডব্লিউএচিৰ উপ মুখ্য কাৰ্য্যবাহী সদস্য ৰোমিয় নাৰ্জাৰীয়ে। অনুষ্ঠানত বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য মিহিনিশ্বৰ বসুমতাৰীয়ে ভাৰতৰ প্ৰথমগৰাকী গৃহমন্ত্ৰী, ভাৰতৰত্ন তথা লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ কৰ্মজীৱন,দৰ্শন আৰু আদৰ্শৰ ওপৰত বক্তব্য ৰাখি দেশৰ অখণ্ডতা,সংহতি আৰু একতাৰ বাবে বলিষ্ঠভাৱে সেৱা আগবঢ়াই গৈছে বুলি উল্লেখ কৰি মহান নেতাগৰাকীয়ে আগবঢ়াই যোৱা দেশসেৱা আৰু আদৰ্শৰে নতুন প্ৰজন্মক আগবাঢ়ি যাবলৈ আহ্বান জনায়।

অনুষ্ঠানত  অতিথি হিচাপে ইউবিপিঅৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, এবছুৰ সম্পাদক বডোছা ব্ৰহ্মই বল্লভ ভাই পেটেলৰ জীৱন, আদৰ্শ আৰু কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি কষ্ট, নিষ্ঠা আৰু একাগ্ৰতাৰে জীৱন গঢ়া ভাৰতৰত্ন চৰ্দাৰ বল্লভ ভাই পেটেল এগৰাকী সঁচা দেশপ্ৰেমিক আছিল বুলি ভাষনত কয়।অনুষ্ঠানত  বিকেডব্লিউএচিৰ  কাৰ্য্যবাহী অমিয় বসুমতাৰী, বিনোদ বসুমতাৰী, প্ৰণৱ বড়ো,মুহিপাল বড়ো,দশৰথ বড়ো,জয়কান্ত বড়ো,আমন্ত্ৰিত অতিথি হিচাপে বড়ো জাতীয় সংগঠনৰ নেতা, বিশিষ্ট সমাজকৰ্মী আৰু জ্যেষ্ঠ নাগৰিক সকল উপস্থিত থাকে।দিনৰ ১-৩০ বঁটা বিতৰণী সভা আৰু বিয়লি ২ বজাত বিকেডব্লিউএচিৰ শিক্ষা বিভাগৰ পৰা ৩০ খন প্ৰাথমিক, উচ্চ প্ৰাথমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত ত্ৰিশ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰা হয়।

শম্ভু দাস চিলাপথাৰ

ধেমাজি

Leave A Reply

Your email address will not be published.