Breaking

টাটা সামাজিক বিজ্ঞান সংস্থানৰ বিৰুদ্ধে দেশজুৰি প্ৰতিক্ৰিয়া, অধ্যাপক-কৰ্মচাৰীৰ চাকৰি বাতিলৰ সিদ্ধান্ত স্থগিত…

0 15

টাটা এডুকেশ্যন ট্ৰাষ্টৰ পুঁজিৰ অভাৱত টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্স তথা টাটা সামাজিক বিজ্ঞান সংস্থানে ইয়াৰ চাৰিটা কেম্পাছৰ ৫৫ গৰাকী অধ্যাপক আৰু ৬০ গৰাকী কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ ইয়াকে লৈ চাৰিওটা কেম্পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ সেই চাৰিটা কেম্পাছ হৈছে মুম্বাই, হাইদৰাবাদ, তুলজাপুৰ আৰু গুৱাহাটী৷বিভিন্ন মাধ্যমত বিষয়টোতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিচত টাটা এডুকেশ্যন ট্ৰাষ্টে সিদ্ধান্ত সলনি কৰে৷ ট্ৰাষ্টে ধন মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিচতে টাটা ইনষ্টিটিউট অব ছ’চিয়েল ছায়েন্সে চাকৰিৰ পৰা বৰ্খাস্ত কৰা সিদ্ধান্ত প্ৰত্যাহাৰ কৰে। টাটা এডুকেশ্যন ট্ৰাষ্টৰ হোৱা আলোচনাৰ পিচতে সমস্যাটোৰ সমাধানৰ বাবে প্ৰয়োজনীয় অৰ্থ আশ্বাস দিয়ে টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সে৷


জানিব পৰা মতে টাটা সামাজিক বিজ্ঞান সংস্থানৰ মুম্বাই চৌহদৰ পৰা ২০ গৰাকী, হায়দৰাবাদ চৌহদৰ পৰা ১৫ গৰাকী, গুৱাহাটী চৌহদৰ পৰা ১৪ গৰাকী আৰু তুলজাপুৰৰ পৰা ৬ গৰাকী অধ্যাপকক বৰ্খাস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷ উল্লেখ্য যে গুৱাহাটীৰ জালুকবাৰীস্থ টাটা সামাজিক বিজ্ঞান সংস্থানৰ আধাতকৈ অধিক অধ্যাপক আৰু প্ৰায়সংখ্যক কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছিল৷ কোনো পূৰ্বৰ জাননী অবিহনে বৰ্খাস্ত কৰাক লৈ অধ্যাপক আৰু কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।
উল্লেখ্য যে টাটা সামাজিক বিজ্ঞান সংস্থানে শুকুৰবাৰে প্ৰতিষ্ঠানটোৰ ১১৫ গৰাকী শিক্ষক-কৰ্মচাৰীক জনায় যে ২০২৪ চনৰ ৩০ জুনৰ পিচত তেওঁলোকৰ চুক্তিৰ সময়সীমা বৃদ্ধি কৰা নহ’ব৷ ইয়াৰ ভিতৰৰ ৫৫ গৰাকী শিক্ষক আৰু ৬০ গৰাকী ন’ন টিচিং ষ্টাফ। উল্লেখ্য যে দশক ধৰি প্ৰতিষ্ঠানটোৰ অংশ হৈ থকাসকলো বৰ্খাস্তৰ এই তালিকাত আছে।


লক্ষ্যণীয় বিষয় যে প্ৰতিষ্ঠানটোত কৰ্মসংস্থাপন পোৱা সকলোৱে সংস্থানটোৰ সৈতে চুক্তিবদ্ধ হৈ কাম কৰি আছিল৷ মন কৰিবলগীয়া যে এই শিক্ষক-কৰ্মচাৰীসকলৰ দৰমহা আগতে টাটা এডুকেশ্যন ট্ৰাষ্টৰ পৰাই আহিছিল আৰু সেই পুঁজি হ্ৰাস পোৱাৰ বাবে সংস্থানটোৱে এনে পদক্ষেপ গ্ৰহণ কৰিছিল। টাটা এডুকেশ্যন ট্ৰাষ্টৰ পৰা নৱীকৰণ কৰা অনুদানৰ অভাৱক বৰ্খাস্তৰ কাৰণ হিচাপে উল্লেখ কৰা হয়।
আনহাতে প্ৰতিষ্ঠানটোৰ বাকী শিক্ষক-কৰ্মচাৰীসকল বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউ জি চি) দৰমহাত স্থায়ী অধ্যাপক হিচাপে নিয়োজিত হৈ আছে। নাম প্ৰকাশত অনিচ্ছুক টাটা সামাজিক বিজ্ঞান সংস্থান গুৱাহাটীৰ বৰ্খাস্ত হোৱা এগৰাকী অধ্যাপকে কয় যে মে’ মাহত তেওঁলোকৰ চুক্তি শেষ হৈছিল যদিও চলিত মাহৰ আৰম্ভণিতে টাটা ট্ৰাষ্টৰ পৰা ই-মেইল আহিছিল আৰু য’ত পুঁজি নবীকৰণ নোহোৱালৈকে প্ৰতিষ্ঠানটোৰ কাম অব্যাহত ৰাখিবলৈ অনুৰোধ জনোৱা হৈছিল। তেওঁ কয় যে সেই মেইলৰ পৰা তেওঁলোকে চুক্তিখন নবীকৰণ কৰা হ’ব বুলি আশা কৰিছিল। তেওঁ লগতে কয় যে সিদিনা তেওঁলোকৰ বেছিভাগেই অনলাইন এডমিশ্যনত ব্যস্ত আছিল আৰু সন্ধিয়া চাকৰি বাতিলৰ পত্ৰখন লাভ কৰিছিল। তেওঁ কয় যে তেওঁ প্ৰতিষ্ঠানটোত ১১ বছৰ কাম কৰিছে আৰু চুক্তি অনুসৰি এমাহৰ জাননীৰ সময় নিদিয়াকৈ বৰ্খাস্ত কৰা হৈছিল।


কৰ্মচাৰীগৰাকীয়ে কয় যে জুন মাহৰ দৰমহা দাবী কৰিবলৈ তেওঁলোকক মাত্ৰ দুদিনৰ সময় দিয়া হয়। ইফালে বিষয়টো সন্দৰ্ভত টাটা সামাজিক বিজ্ঞান সংস্থানৰ শিক্ষক সন্থাই পৰিস্থিতিটোৰ বিষয়ে আলোচনা মিলিত হৈ কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। উল্লেখ্য যে টাটা সামাজিক বিজ্ঞান সংস্থানে গুৱাহাটীৰ বহুসংখ্যক শিক্ষক-কৰ্মচাৰীক চাটাই কৰাত প্ৰতিষ্ঠানটোত অচলাৱস্থাই দেখা দিয়াৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল। সামজিক মাধ্যমত প্ৰশ্ন উত্থাপিত হৈছিল- ‘‘টাটাৰ অযোধ্যাত মন্দিৰ কমপ্লেক্স সাজিবলৈ টকা আছে, কিন্তু শিক্ষাৰ ক্ষেত্ৰত খৰছ কৰিবলৈ নাই। কি আচৰিত ! JNU, DUৰ পিচত আন এখন শিক্ষানুষ্ঠানৰ ধ্বংস। আছেইনো কেইখন আমাৰ !’’ এনেদৰে এতিয়া বিষয়টো সন্দৰ্ভত বিভিন্নজনে সামাজিক মাধ্যমত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।যাৰ বাবে চাকৰি বাতিলৰ সিদ্ধান্ত স্থগিত ৰাখিবলৈ বাধ্য হয়।

Leave A Reply