প্ৰকৃতিৰ ৰোষত দৰঙৰ পশ্চিমাঞ্চলৰ কেইবাখনো গাঁও

ফাগুণৰ প্ৰথম জাক ধুমুহা বতাহত পশ্চিম দৰঙৰ কেইবাটাও অঞ্চলত বিস্তৰ ক্ষতি সাধন হোৱাৰ খবৰ পোৱা গৈছে৷ যোৱা ২৫ ফেব্ৰৱাৰীৰ সন্ধিয়া প্ৰায় ৭ বজাত প্ৰচণ্ড গতিত বলা ধুমুহা বতাহ জাকৰ তীব্ৰতাৰ প্ৰকোপত অঞ্চলটোৰ বিভিন্ন স্থানত গছ-গছনি উভালি পৰাৰ উপৰিও হেঙালপাৰাৰ  ৰূপজ্যোতি প্ৰাথমিক বিদ্যালয়ৰ গৃহটো সম্পুৰ্ণ ৰূপে বিধস্ত হয় ৷ 

Exif_JPEG_420

আনহাতে বুঢ়াৰ নগেন্দ্ৰ কলিতা পৰিয়ালৰ বাসগৃহৰ ওপৰতে প্ৰকাণ্ড গছ এজোপা উভালি পৰে ৷ কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালটোৰ তিনি গৰাকীকৈ সদস্যৰ ৷ তাৰোপৰি অঞ্চলটোৰ ভিন্ন প্ৰান্তত আংশিক ক্ষতি সাধন হোৱাৰ খবৰ পোৱা  গৈছে ৷

Related Articles