গুৱাহাটী, ৩০ অক্টোবৰঃ চৰকাৰে এপিনে অমৃত বৃক্ষ অভিযান অনুষ্ঠিত কৰিছে, আনপিনে উন্নয়নৰ দোহাই দি ঐতিহ্যমণ্ডিত দীঘলী পুখুৰীৰ কাষৰ শ শ জোপা গছ কাটি পাবলৈ লৈছে।
এই কথাতে বিতুষ্ট হৈ পৰিছে মহানগৰীৰ প্ৰকৃতিপ্ৰেমী লোকসকল(Nature Lovers of The City)। নুনমাটি অঞ্চলৰ সৈতে সংযোগী উৰণীয়া সেতু নিৰ্মাণৰ ঠাই মুকলি কৰাৰ লক্ষ্যৰে দীঘলীপুখুৰীত(Dighalipukhuri) বৃহৎ পৰিসৰত গছ কটাৰ তীব্ৰ বিৰোধিতা(Protection of Nature) কৰিছে গুৱাহাটীবাসীয়ে।
গুৱাহাটীবাসীয়ে চৰকাৰৰ এনেপদক্ষেপৰ বিৰুদ্ধে মঙলবাৰে ৰাজপথলৈ মাৰ বান্ধি ওলাই আহে। সেউজ পৰিৱেশৰ ক্ষতিসাধন কৰাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰতিবাদকাৰীসকলে ইয়াৰ নেতিবাচক প্ৰভাৱৰ বিষয়ে সতৰ্ক কৰি দিয়ে।
গছ কটাৰ সলনি কৰ্তৃপক্ষক বিকল্প সমাধান বিচাৰি উলিয়াবলৈও প্ৰতিবাদকাৰীসকলে দাবী জনায়(City Beautification)। বিক্ষোভত যথেষ্ট সংখ্যক লোকে অংশগ্ৰহণ কৰি চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে।
প্ৰস্তাৱিত উৰণীয়া সেতুখনৰ বাবে চৰকাৰে প্ৰায় ৩০জোপা পুৰণি গছ কাটি পেলোৱাৰ পৰিকল্পনাই প্ৰকৃতিপ্ৰেমীসকলক উদ্বিগ্ন কৰি তোলা পৰিলক্ষিত হৈছে। ঐতিহাসিক দীঘলীপুখুৰীয়ে ঐতিহ্য(Damage to The Green Environment), পৰিৱেশ আৰু সাংস্কৃতিক আদি সকলো দিশতে তাৎপৰ্য বহন কৰি আহিছে।
বিশেষকৈ গৰমৰ দিনত ছাঁ দিয়াৰ বাবে ৰোপন কৰা গছবোৰ অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈ আহিছে। সেই গছবোৰে বিৰল পৰিভ্ৰমী চৰাইৰো বাসস্থান হিচাপে কাম কৰি আহিছে।
ফলত সেই গছবোৰ কাটিলে অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহি পৰিব বুলি বহুতে মন্তব্য কৰিছে। প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে পৰিৱেশ সংৰক্ষণৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰি কয়, “পৰিৱেশ অবিহনে আমি কেনেকৈ জীয়াই থাকিম? চৰকাৰে জনসাধাৰণৰ কথা শুনিব লাগিব।”
এই বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ স্থানীয় লোকৰ স্বাক্ষৰৰ সৈতে ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰাৰ পৰিকল্পনাৰ কথাও তেওঁ ঘোষণা কৰে। উল্লেখ্য গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটিলৈ প্ৰায় ছয় কিলোমিটাৰ দীঘল উৰণীয়া সেতু নিৰ্মাণৰ কাম ইতিমধ্যে চলি আছে।
কিন্তু এতিয়া উৰণীয়া সেতুখনৰ নিৰ্মাণৰ নামত দীঘলীপুখুৰীৰ ঐতিহ্য আৰু নান্দনিকতাৰ ওপৰত ইয়াৰ কুপ্ৰভাৱৰ আশংকা কৰি প্ৰকৃতিপ্ৰেমী তথা অন্যান্য বহু লোক উদ্বিগ্ন হৈ পৰিছে। ২৮ অক্টোবৰত কৰ্তৃপক্ষই তয়বুল্লা পথৰকাষত আৰু সন্দিকৈ কন্যা মহাবিদ্যালয়ৰ সমীপৰ প্ৰায় ২৫জোপা গছ কটাৰ বাবে চিহ্নিত কৰিছিল।
সেই গঠসমূহৰ ভিতৰৰে বহু গছৰ বয়স ২০০ বছৰৰ ওপৰত হব বুলি ধাৰণা কৰা হৈছে। ইপিনে এক আৰ টি আইৰ উত্তৰত উত্তৰত গড়কাপ্টানী বিভাগৰ কাৰ্যবাহী অভিযন্তাই স্বীকাৰ কৰিছিল যে উৰণীয়া সেতু প্ৰকল্পটোৰ বাবে কোনো পৰিৱেশ প্ৰভাৱৰ মূল্যায়ন কৰা হোৱা নাছিল বা ৰাজহুৱা শুনানিও অনুষ্ঠিত কৰা হোৱা নাই।
এনে নকৰাত এতিয়া গুৱাহাটীৰ প্ৰকৃতিপ্ৰেমীসকল উদ্বিগ্ন হৈ পৰিছে। ইয়াৰ পূৰ্বে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও দীঘলীপুখুৰীত শতিকা প্ৰাচীন গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক আন্তঃগাঁথনি উন্নয়নতকৈ পৰিৱেশ সুৰক্ষাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাইছিল। এনে প্ৰতিবাদে চৰকাৰৰ গা লৰাব পাৰে নে নাই সেয়া সময়ত লক্ষ্যণীয় হ’ব।