Breaking

নৌ সেনাৰ বিষয়া অনিল কুমাৰ চীনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু। বিষয়াগৰাকীৰ মৃতদেহ ১৫দিন চীনতে আছে…

0 13

প্ৰায় ১৪ দিন পূৰ্বে ভাৰতৰ মাৰ্চেণ্ট নেভি বিষয়া অনিল কুমাৰৰ চীনত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল।বিষয়াগৰাকীৰ মৃতদেহ এতিয়াও চীনতে আছে।এনে পৰিস্থিতিত বিষয়াগৰাকীৰ বৃদ্ধ মাতৃ, পত্নী তথা পৰিয়ালৰ লোকসকল হতবাক হৈ পৰিছে।ইফালে আগ্ৰাৰ সাংসদত থকা  কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰফেচাৰ এছপি সিং বাঘেলে ভুক্তভোগীৰ পৰিয়ালক সহায়ৰ বাবে বুধবাৰে দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনা কৰে।

আনহাতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে সকলো সম্ভৱ সহায়ৰ আশ্বাস দিছে।মাৰ্চেণ্ট নেভি বিষয়া অনিল কুমাৰৰ নশ্বৰ দেহ সোনকালেই ভাৰতলৈ অনা হ’ব বুলি কোৱা হৈছে।একেদৰে বিষয়াগৰাকীৰ মৃতদেহ ঘৰলৈ অনাৰ বাবে বিষয়াগৰাকীৰ পৰিয়ালেও প্ৰধানমন্ত্ৰী মোদী আৰু বৈদেশিকমন্ত্ৰীক এক্সৰ জৰিয়তে বিশেষ অনুৰোধ জনাইছে। চীনৰ প্ৰৱাসী ভাৰতীয় সকলেও একেধৰণৰ প্ৰচেষ্টা চলাই আছে।উল্লেখ্য যে শ্বাহ গঞ্জ আৰক্ষী থানাৰ চাণক্য পুৰীৰ সাইধামৰে চিডেন্সিৰ বাসিন্দা ৪৯ বছৰীয়া অনিল কুমাৰ মাৰ্চেণ্ট নেভিৰ মুখ্য অভিযন্তা আছিল।

Leave A Reply