নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত লক্ষ্মীজান বাহঁবাৰী অঞ্চলত বুধবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই হাতীৰ দাঁতসহ এজনক আটক কৰিবলৈ সক্ষম হয়।(Nazira News)
শিৱসাগৰ আৰক্ষীয়ে বিশেষ তথ্য অনুসৰি নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাসৰ নেৰ্তৃত্বত আৰক্ষীৰ দল আৰু বন বিভাগৰ বিহুবৰ খণ্ড বন বিষয়া ৰাজা বৰগোহাঁইৰ সহযোগত উদ্ধাৰ কৰে চোৰাঙকৈ বিক্ৰী কৰিবলৈ অনা হাতীৰ দাঁত।
অজয় আগৰৱালা নামৰ এজন লোকে ঘৰত লুকুৱাই ৰাখিছিল হাতীৰ দাঁতৰ তিনিটা টুকুৰা। আৰক্ষীয়ে হাতীৰ দাঁতৰ টুকুৰা কেইটা জব্দ কৰাৰ লগতে অজয় আগৰৱালাক আটক কৰিছে। জৈন উপাধিৰ এজন লোকৰ পৰা ৩০০০০ টকাত ছমাহ পূৰ্বে ক্ৰয় কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।