পুৱতি নিশা নাজিৰা আৰক্ষীৰ অভিযান

সম্প্ৰতি নাজিৰা মহকুমাৰ অলিয়ে – গলিয়ে অব্যাহত আছে অবৈধ চুলাই মদ আৰু লালিগুৰৰ ৰমৰমীয়া ব্যৱসায় । নাজিৰা মহকুমা আৱকাৰী , আৰক্ষী – প্ৰশাসনৰ একাংশ বিষয়াৰ সৈতে গোপন বুজা – বুজি কৰি ব্যৱসায়ীয়ে অনায়াসে চলাই গৈছে এই বৰবিহ চুলাই মদ আৰু লালিগুৰৰ ব্যৱসায় । এই ব্যৱসায়ীয়ে একাংশ সংগঠনৰ নেতা – পালিনেতা আৰু বছা বছা সাংবাদিককো যোগান ধৰে মাহিলি কমিছন । যি সকল ব্যৱসায়ীয়ে আৰক্ষী – আৱকাৰী তথা কমিছনভোগী সকলক ধন দিয়া পলম হলেই আৰক্ষী অথবা আৱকাৰী বিভাগে অভিযান চলাই চুলাই মদ , চুলাই তৈয়াৰ কৰা পাছ তথা অন্যান্য সামগ্ৰী আৰু লালিগুৰ জব্দ কৰি তেনে ব্যৱসায়ীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিয়েই দায়িত্ব সামৰে বুলি উঠা অভিযোগ নুই কৰিব নোৱাৰি । আজি পুৱতি নিশা নাজিৰা আদৰ্শ আৰক্ষী থান নাজিৰা লক্ষ্মীজান খণ্ড বন বিষয়া কাৰ্যালয়ৰ সমীপৰ ৰামেশ্বৰ গগৈ নামৰ ব্যক্তি জনে  এ এছ ০৪ – বি চি – ০৬২৪ নম্বৰৰ বলেৰ’ পিকাপ খনৰ পৰা  লালিগুৰ নমাই নিজা ঘৰত মজুত কৰি থকা অৱস্থাত নাজিৰা মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত আৰু নাজিৰা আদৰ্শ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া খগেশ্বৰ ৰাভাই গোপন সূত্ৰে জানিব পাৰি অভিযান চলাই ৩১.৮০ কুইণ্টল অবৈধ লালিগুৰ জব্দ কৰিবলৈ সক্ষম হয় । নাজিৰাৰ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি লালিগুৰৰ ব্যৱসায়ী ৰামেশ্বৰ গগৈক আটক কৰি তদন্ত অব্যাহত ৰাখিছে । 

Related Articles