Breaking

মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ এন চি পিৰ নেতা অজিত পাৱাৰৰ! এন ডি এত যোগদান…

0 87

মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ পৰিৱৰ্তন। এন চি পিৰ নেতা অজিত পাৱাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী আৰু ছগন ভুজবালে মহাৰাষ্ট্ৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। মহাৰাষ্ট্ৰৰ ৰাজনীতিত এইবাৰ আলোড়নৰ সৃষ্টি হৈছে। এন চি পিৰ নেতা অজিত পাৱাৰে কেইবাজনো বিধায়কৰ সৈতে শিন্দে চৰকাৰত যোগদান কৰে। অজিত পাৱাৰে আজি ৰাজভৱনত মুখ্যমন্ত্ৰী একনাথ শিণ্ডেৰ উপস্থিতিত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। এই সময়ছোৱাত এন চি পিৰ জ্যেষ্ঠ নেতা ছগন ভুজবালেও মহাৰাষ্ট্ৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। শপতগ্ৰহণৰ সময়ত ৰাজভৱনত উপস্থিত আছিল উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাডনৱীছ। মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী দিলীপ ৱালছে পাটিল, হাছান মুছৰিফ, সঞ্জয় বনছোড়, অদিতি তাটকাৰে, ধৰ্মৰাও আৰু ধনঞ্জয় মুণ্ডেও মহাৰাষ্ট্ৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

ইয়াৰ পূৰ্বে অজিত পাৱাৰে এনচিপিৰ বিধায়কৰ বৈঠক আহ্বান কৰিছিল। যাৰ ওপৰত এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰে কৈছিল যে এই বৈঠক কিয় আহ্বান কৰা হৈছে মই সঠিকভাৱে নাজানো, কিন্তু বিৰোধীৰ নেতা হোৱাৰ বাবে তেওঁ (অজিত পাৱাৰ) বিধায়কৰ সভা আহ্বান কৰাৰ অধিকাৰ আছে। এই কামটো তেওঁ নিয়মিতভাৱে কৰে। এই সভাৰ বিষয়ে মই বিশেষ একো নাজানো।

Leave A Reply

Your email address will not be published.