Breaking

নীট-ইউ জি ২০২৪ত ৭২০ৰ ভিতৰত ৭২০ নম্বৰ! আপত্তি দৰ্শাই পত্ৰ প্ৰেৰণ বহু অভিভাৱকৰ…

0 51

মঙলবাৰে ঘোষণা কৰা নীট-ইউ জি ২০২৪ৰ ফলাফলে কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীক আচৰিত কৰি তুলিছে। ফলাফলকলৈ বহু আপত্তি উত্থাপন হৈছে। কাৰণ অভূতপূৰ্ব সংখ্যকভাবে ৬৭গৰাকী শিক্ষাৰ্থীয়ে ৭২০ৰ ভিতৰত ৭২০ নম্বৰেই লাভ কৰিছে। এয়া কেনেকৈ সম্ভৱ হ’ল তাকেলৈ বিভিন্ন জনৰ মাজত চৰ্চা হৈছে। ইয়াতকৈও চিন্তনীয় কথাটো হ’ল যে সম্পূৰ্ণ নম্বৰ লাভ কৰা মুঠ ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ছয়গৰাকীৰ আসনৰ নম্বৰ একে ক্ৰমৰ। এই ছয়গৰাকী ছাত্ৰ-ছাত্ৰী হাৰিয়ানাৰ, ইয়াৰ পৰা বুজা যায় যে তেওঁলোক একেটা কেন্দ্ৰৰ পৰাই পৰীক্ষাত বহিছিল।

বিষয়টো আঙুলিয়াই দি বহু অভিভাৱকে নীট -ইউ জি ২০২৪ৰ পৰিচালনা কৰা ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থালৈ পত্ৰ লিখিছে।অভিভাৱকসকলে শিক্ষাৰ্থীৰ কাউন্সেলিং আৰম্ভ হোৱাৰ পূৰ্বে ফলাফলৰ এনে অমিলৰ সন্দৰ্ভত তদন্ত বিচাৰিছে।তদুপৰি নীট -ইউ জি ২০২৪ৰ পৰীক্ষাত ৭১৮ আৰু ৭১৯ নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীৰ স্ক’ৰকাৰ্ডো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। বহুতৰে মতে এনে নম্বৰ লাভ কৰাটো অসম্ভৱ। অভিভাৱকসকলে দাবী কৰে, যেতিয়া প্ৰতিটো নীট -ইউ জি ২০২৪ৰ প্ৰশ্নত চাৰি নম্বৰ থাকে আৰু ঋণাত্মক নম্বৰৰ বাবে এক নম্বৰ দিয়া হয়। এন টি এৰ এজন বিষয়াই কয় যে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ শাখা তুলনামূলকভাৱে সহজ হোৱাৰ বাবে আৰু এন চি ই আৰ টিৰ কিতাপ অনুসৰি অধিক ছাত্ৰ-ছাত্ৰীয়ে অধিক নম্বৰ লাভ কৰিছে।

Leave A Reply

Your email address will not be published.