Breaking

নীট প্ৰশ্নকাকত ফাদিল গোচৰ; পাটনা এইমছৰ ৩ চিকিৎসকক গ্ৰেপ্তাৰ, এতিয়ালৈকে নীট প্ৰশ্নকাকত ফাদিল গোচৰত ৪২ জন অভিযুক্তক গ্ৰেপ্তাৰ…

0 21

নীট প্ৰশ্নকাকত ফাদিল গোচৰত চিবিআইৰ দলে প্ৰতিদিনে নতুন নতুন দিশ উন্মোচন কৰি আহিছে । অৱশ্যে এই কাণ্ডৰ মাষ্টাৰমাইণ্ড সঞ্জীৱ মুখীয়া এতিয়াও চিবিআইৰ জালত পৰা নাই । কিন্তু তাৰ মাজতে বুধবাৰে চিবিআইৰ দলে পাটনা এইমছৰ ৩ গৰাকী চিকিৎসকক গ্ৰেপ্তাৰ কৰে । তিনিওগৰাকী চিকিৎসক ২০২১ বেচৰ শিক্ষাৰ্থী। তেওঁলোকক সোধা-পোছা কৰি থকা হৈছে । আনহাতে, পৰৱৰ্তী তদন্তৰ বাবে চিবিআয়ে তেওঁলোকৰ কোঠাকেইটা ছীল কৰি দিছে।ইফালে চিবিআইৰ দলে এতিয়ালৈকে প্ৰশ্নকাকত চোৰৰ পৰা প্ৰশ্নকাকত ফাদিল কৰালৈকে আৰু এই প্ৰশ্নকাকত শিক্ষাৰ্থীলৈ সৰবৰাহ কৰা সকলোকে গ্ৰেপ্তাৰ কৰিছে। অৱশ্যে এই কাণ্ডৰ মাষ্টাৰমাইণ্ড সঞ্জীৱ মুখীয়া এতিয়াও চিবিআইৰ কবলত পৰা নাই। তাৰ মাজেত বৃহস্পতিবাৰে এই গোচৰটোৰ সৈতে সম্পৰ্কিত আবেদনসমূহৰ শুনানি উচ্চতম ন্যায়ালয়ত হ’বলৈ গৈ আছে।নীট প্ৰশ্নকাকত ফাদিলৰ গোচৰত চিবিআইৰ দলটোৱে ২০২১ বৰ্ষৰ তিনিগৰাকী শিক্ষাৰ্থীক পাটনা এইমছৰ পৰা গ্ৰেপ্তাৰ কৰিছে।

তিনিওগৰাকীৰে লেপটপ আৰু স্মাৰ্টফোনো জব্দ কৰা হৈছে। ইয়াৰ উপৰি এতিয়ালৈকে এই গোচৰত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে। পংকজ আৰু ৰাজু নামৰ দুই অভিযুক্তক মঙলবাৰে গ্ৰেপ্তাৰ কৰা হয়। জেৰাৰ সময়ত পংকজে ট্ৰাংকৰ পৰা প্ৰশ্নকাকত চুৰি কৰা বুলি স্বীকাৰ কৰে। চিবিআয়ে তেওঁক জিম্মাত লৈছে আৰু তেওঁক এই বিষয়ে কোনে তথ্য প্ৰদান কৰিছিল তাৰ অনুসন্ধান অব্যাহত ৰাখিছে।চিবিআইৰ দলটোৱে এতিয়ালৈকে নীট প্ৰশ্নকাকত ফাদিল গোচৰত ৪২ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। সূত্ৰ অনুসৰি, চিবিআয়ে এই তিনিগৰাকী চিকিৎসককো জিম্মাত লৈছে। কোনোবাই এই সন্দৰ্ভত কিবা বুজি পোৱাৰ পূৰ্বেই চিবিআইৰ দলটোৱে তেওঁলোকক জিম্মাত লৈ সোধা-পোছাৰ বাবে অজ্ঞাত স্থানলৈ ৰাওনা হয়। জেৰাৰ পিচত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হয়।পাটনা এইমছৰ পৰা ২০২১ বৰ্ষৰ তিনিওগৰাকী শিক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে শাস্ত্ৰী নগৰ আৰক্ষী থানাৰ আৰক্ষীয়ে এজন চিকিৎসকসহ ১৩ জন লোকক গ্ৰেপ্তাৰ কৰিছিল। এতিয়ালৈকে সাতখন ৰাজ্যৰ পৰা ৪২ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। অৱশ্যে চিবিআইৰ দলটোৱে এতিয়াওমাষ্টাৰমাইণ্ড সঞ্জীৱ মুখীয়াক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.