Breaking

NEET-UG প্ৰশ্নকাকত খেলিমেলিৰ অভিযোগ! আবেদন পৰীক্ষা কৰিবলৈ সন্মত সৰ্বোচ্চ ন্যায়ালয়…

0 12

উচ্চতম ন্যায়ালয়ে সোমবাৰে NEET-UG, 2024-ত অ’ এম আৰ শ্বীট খেলিমেলি কৰাৰ অভিযোগত কৰা আবেদন দুসপ্তাহৰ পিচত পৰীক্ষা কৰিবলৈ সন্মত হৈছে। ন্যায়াধীশ চি টি ৰবিকুমাৰ আৰু ন্যায়াধীশ মনোজ মিশ্ৰক লৈ গঠিত এখন বিচাৰপীঠে আবেদনকাৰীৰ অধিবক্তাক কয় যে পৰীক্ষা (পুনৰ পৰীক্ষা) ২৩ জুনত শেষ হৈছে। আনহাতে, অধিবক্তাই দাবী কৰে যে চিকিৎসা প্ৰৱেশ পৰীক্ষা দিয়া তেওঁৰ মক্কেলৰ অ’ এম আৰ শ্বীট সলনি কৰা হৈছিল। বিচাৰপীঠে অধিবক্তাক কয় যে তেওঁৰ মক্কেলে ২৩ জুনত অনুষ্ঠিত পুনৰ পৰীক্ষাত উপস্থিত হ’বলৈ অনুমতি বিচাৰিছিল।ইফালে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাৰ অধিবক্তাই আদালতক দুসপ্তাহৰ পিচত শুনানিৰ বাবে আবেদনৰ তালিকা প্ৰস্তুত কৰিবলৈ অনুৰোধ জনায়।


আদালতৰ সন্মুখত যুক্তি দিয়া হৈছিল যে অনিয়মৰ অভিযোগ উত্থাপন কৰা আৰু NEET-UG বাতিল কৰিবলৈ বিচৰা আন কেইবাখনো আবেদন শীৰ্ষ আদালতত বিচাৰাধীন হৈ আছে। আৰম্ভণিতে বিচাৰপীঠে কৈছিল যে আদালতে অহা সপ্তাহত শুনানিৰ বাবে আবেদনৰ তালিকা প্ৰস্তুত কৰিব। তাত হয়তো তেওঁৰ আবেদনো থাকিব পাৰে । তাৰ পিচত শীৰ্ষ ন্যায়ালয়ে বিষয়টো দুসপ্তাহৰ পিচত শুনানিৰ বাবে নিৰ্ধাৰণ কৰে। উল্লেখ্য, বিগত সপ্তাহত শীৰ্ষ ন্যায়ালয়ে এখন পৃথক আবেদনৰ শুনানিৰ সময়ত এন টি এক এইটো অৱগত কৰিবলৈ কৈছিল যে NEET-UG, 2024-ত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলক প্ৰদান কৰা অ’ এম আৰ শ্বীট সম্পৰ্কীয় অভিযোগ উত্থাপন কৰাৰ কোনো সময়সীমা আছে নেকি।


পৰীক্ষা সম্পৰ্কীয় আন অমীমাংসিত আবেদনসমূহ ৮ জুলাইত শুনানিৰ বাবে গ্ৰহণ কৰিব। ৫ মে’ত অনুষ্ঠিত NEET-UG, ২০২৪ প্ৰশ্নকাকত ফাদিলকে ধৰি বিভিন্ন অনিয়মৰ অভিযোগত বিতৰ্কৰ সৃষ্টি হৈছে। কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ চি বি আই তদন্তৰ নিৰ্দেশ দিছে আৰু এন টি এৰ সঞ্চালক প্ৰধানকো অপসাৰণ কৰিছে।

Leave A Reply