Nehru Letters Controversy: পণ্ডিত জৱাহৰলাল নেহৰুৰ চিঠিসমূহ প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ত জমা দিবলৈ ৰাহুল গান্ধীলৈ পত্ৰ প্ৰেৰণ পি এম মিউজিয়ামৰ

দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ চিঠিৰ সন্দৰ্ভত বিতৰ্ক অব্য়াহত। প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয় আৰু পুথিভঁৰাল পিএমএমএলৰ সদস্য ৰিজৱান কাদ্ৰীয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীলৈ এই চিঠিসমূহ ঘূৰাই দিয়াৰ বাবে এখন পত্ৰ লিখিছে। এই নথি-পত্ৰসমূহক ‘ভাৰতীয় ইতিহাসৰ গুৰুত্বপূৰ্ণ অংশ’ বুলি অভিহিত কৰি কাদ্ৰীয়ে সংগ্ৰহালয়লৈ ঘূৰাই পঠিয়াবলৈ আহ্বান জনাইছে। ২০০৮ চনত ছোনিয়া গান্ধীৰ নিৰ্দেশত সংগ্ৰহালয়ৰ পৰা উলিয়াই অনা বুলি অভিযোগ উত্থাপন হোৱা নেহৰুৰ চিঠি আৰু অন্যান্য নথি-পত্ৰ থকা ৫১টা বাকচৰ সৈতে জড়িত এই পত্ৰখন। ইয়াৰ ভিতৰত নেহৰুৱে এডৱিনা মাউণ্টবেটেনলৈ লিখা চিঠিবোৰো আছে।(Nehru Letters Controversy) 

‘পণ্ডিত জৱাহৰলাল নেহৰুৰ যিসমূহ চিঠি ছোনীয়া গান্ধীয়ে লৈছিল সেইসমূহ উভতাই দিয়ক’৷ নেহৰুৰ চিঠিসমূহ প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ত জমা দিবলৈ ৰাহুল গান্ধীলৈ সংগ্ৰহালয় আৰু পুথিভঁৰালৰ তৰফৰ পৰা প্ৰেৰণ কৰা হৈছে পত্ৰ৷ চিঠিসমূহত আছিল পণ্ডিত নেহৰু আৰু এডউইনা মাউণ্টবেটেন, এলবাৰ্ট আইনষ্টাইন, জয়প্ৰকাশ নাৰায়ণ, পদ্মজা নাইডু, বিজয়া লক্ষ্মী পণ্ডিত, অৰুণা আছফ আলী, বাবু জগজীৱন ৰাম আৰু গোবিন্দ বল্লভ আদি মহান ব্যক্তিসকলৰ মাজত হোৱা কথোপকথন৷(PM Museum Documents)

তেওঁ অভিযোগ কৰে যে এই নথিসমূহ ছোনিয়া গান্ধীৰ ওচৰত আছে আৰু ৰাহুল গান্ধীক হয় মূল কপি ঘূৰাই দিবলৈ কয় নহয় ডিজিটেল কপি প্ৰদান কৰিবলৈ অনুৰোধ জনায়। ইয়াৰ পূৰ্বে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত কাদ্ৰীয়েও ছোনিয়া গান্ধীলৈ পত্ৰ লিখিছিল যদিও এতিয়ালৈকে কোনো উত্তৰ পোৱা নাই।

ৰিজৱান কাদ্ৰী এজন ইতিহাসবিদো। তেওঁ এই নথিসমূহ ঘূৰাই দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে এই চিঠিসমূহ ১৯৭১ চনত নেহৰু স্মাৰক সংগ্ৰহালয়ক গতাই দিয়া হৈছিল, যিটো বৰ্তমান প্ৰধানমন্ত্ৰী সংগ্ৰহালয় নামেৰে পৰিচিত। তেওঁৰ মতে পণ্ডিত আৰু গৱেষকসকলৰ বাবে এই নথিসমূহৰ অধ্যয়ন আৰু ডিজিটেলাইজেচন প্ৰয়োজনীয়।

বৰ্তমান এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত আলোচনা চলি আছে। প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ে কয় যে এই নথিসমূহ ৰাজহুৱা সম্পত্তি আৰু সংৰক্ষণ আৰু অধ্যয়নৰ বাবে সংগ্ৰহালয়লৈ ঘূৰাই অনাটো প্ৰয়োজনীয়। এতিয়া এই বিষয়ত কংগ্ৰেছ আৰু গান্ধী পৰিয়ালে কি স্থিতি লয় সেয়া হ’ব লক্ষ্যণীয়।

Related Articles