পথাৰত এতিয়া কৃষি কৰ্মত ব্যস্ত কণ্ঠশিল্পী নীল আকাশৰ পত্নী নেনচি ফুকন

জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশৰ পত্নী এতিয়া কৃষি কৰ্মত ব্যস্ত। পথাৰৰ বোকা খচকি গুটি সিঁচিছে নেনচি ফুকনে। ছচিয়েল মিডিয়াতো শ্বেয়াৰ কৰিছে ফটো।কোৰোণা ভাইৰাছৰ আতংকৰ বাবে এতিয়া সকলো ঘৰতে আবদ্ধ। তাৰ মাজতে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ পত্নীয়ে পৰিয়ালৰে একাংশ মহিলাৰ সৈতে লগ হৈ পথাৰত শস্যৰ গুটি সিঁচিলে। বৃহস্পতিবাৰে বাবে নেনচি ফুকনে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে এই ফটো। নেনচি ছচিয়েল মিডিয়াতো অত্যন্ত সক্ৰিয়। প্ৰায়ে বিভিন্ন মুহূৰ্তৰ ফটো শ্বেয়াৰ কৰে ছচিয়েল মিডিয়াত।পেছাত অধিবক্তা নেনচিৰ এই ফটো এতিয়া ব্যাপক ভাবে চৰ্চিত হৈছে ছচিয়েল মিডিয়াত।উল্লেখ্য যে, চলিত বছৰৰ ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখে সম্পন্ন হৈছিল নীল আকাশ আৰু নেনচি ফুকনৰ বিবাহ।

Related Articles