Breaking

জামুগুৰিহাটত নেপালী ভাষা মান্যতা দিৱস পালন…

0 94

অসম নেপালী সাহিত্য সভা দক্ষিণ জামুগুৰিহাট সাহিত্য সভাৰ উদ্যোগত আজি পানপুৰ হকমাৰ হৰগৌৰি মন্দিৰ প্ৰাংগনত নেপালী ভাষা মান্যতা দিৱস পালন কৰা হয় ৷ দক্ষিণ জামুগুৰিহাট নেপালী সাহিত্য সভাৰ সভাপতি ভীমলাল শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত মূলসভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট সাহিত্যিক গৱেষক আৰু কবি ড° ক্ষেমৰাজ নেপালৰ গুৰুত্বপূৰ্ণ বক্তব্যই সভাৰ সৌষ্ঠৱ দুগুনে বৃদ্ধি কৰে৷

মূখ্য অতিথি হিচাপে টিএইচবি কলেজৰ নেপালী বিভাগৰ প্ৰৱক্তা ড° তিলক শৰ্মাৰ নেপালী ভাষাটোৰ ওপৰত ৰখা বক্তব্যও সকলোকে মুগ্ধ কৰে৷সভাৰ মাজতেই নেপালী লোকসংস্কৃতিৰ বিভিন্ন নৃত্যও প্ৰদৰ্শন কৰে যুৱ শিল্পী সকলে৷

Leave A Reply

Your email address will not be published.