Nepali Sahitya Sabha: অসম নেপালী সাহিত্য সভাৰ বঁটা ঘোষণা

গুৱাহাটী, ১১ নৱেম্বৰঃ অসম নেপালী সাহিত্য সভাৰ(Nepali Sahitya Sabha) আগন্তুক কেন্দ্ৰীয় অধিবেশনত প্ৰদান কৰিবলগীয়া বঁটাসমুহ আজি আনুষ্ঠানিকভাবে ঘোষণা কৰা হয়।

বঁটা বাচনি সমিতিৰ সিদ্ধান্ত আৰু প্ৰতিবেদনৰ ভিত্তিত আজি ঘোষণা হোৱা বঁটাসমূহৰ ভিতৰত অসম নেপালী সাহিত্য সভাৰ নিৰু শৰ্মা পৰাজুলি স্মৃতি আন্তৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰিছে নেপালৰ বিশিষ্ট লিখক তথা গৱেষক ডঃ দেৱী নেপালে আৰু কৰ্ণ বাহাদুৰ ছেত্ৰী স্মৃতি ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰিছে অসমৰ বিশ্বনাথ জিলাৰ বিশিষ্ট সাহিত্যিক-গৱেষক ডাঃ খেমৰাজ নেপালে।

নিৰু শৰ্মা পৰাজুলি স্মৃতি আন্তৰাষ্ট্ৰীয় সাহিত্য বঁটাত নগদ ষাঠী হাজাৰ টকাৰ লগতে মানপত্ৰ আৰু অন্যান্যবহুতো পুৰস্কাৰ সামগ্ৰী আছে আৰু কৰ্ণ বাহাদুৰ ছেত্ৰী স্মৃতি ৰাষ্ট্ৰীয় সাহিত্য বঁটাত আছে নগদ পঞ্চাশ হাজাৰ টকাৰ লগতে মানপত্ৰ আৰু বহুতো পুৰস্কাৰ সামগ্ৰী আছে।

সভাৰ অন্যান্য বঁটাসমূহৰ ভিতৰত অসম নেপালী সাহিত্য সভা পুৰস্কাৰ গুৱাহাটীৰ বিশিষ্ট নেপালী সাহিত্যিক নৱ সাপকোটাক, হৰিভক্ত কটুৱাল স্মৃতি পুৰস্কাৰ লাভ কৰিছে মৰিগাওঁৰ সাহিপত্যক নাৰায়ণ প্ৰধানক, পুস্পলাল উপাধ্যায় স্মৃতি পুৰস্কাৰ বিশ্বনাথৰ কৃষ্ণনীল কাৰ্কীক তেওঁৰ ২০২৩ চনত প্ৰকাশিত কবিতা সংকলন কবিতাকে মিৰমিৰে ঝৰীৰ বাবে, টংকনাথ উপাধ্যায় গল্প পুৰস্কাৰ বিশ্বনাথৰ সাহিত্যিক হৰি লুইঁটেলক তেওঁৰ সপ্তপদী গল্প সংকলনৰ বাবে, জনকলাল পৌডেল স্মৃতি সাহিত্য প্ৰভাত পুৰস্কাৰ হোজাইৰ‌ বিমল প্ৰধানক

তেওঁৰ বীৰবহাদুৰকো গুনাসো শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে, বৃদ্ধিলাল ভণ্ডাৰী স্মৃতি সমাজসেৱা পুৰস্কাৰ তিনিচুকীয়াৰ বিশিষ্ট সমাজকৰ্মী ডিবি সোনাৰক, তাৰানাথ শাণ্ডিল্য অনেপালী সাহিত্য পুৰস্কাৰ হাইলাকান্দিৰ ভক্ত সিং ঠকুৰীক, প্ৰেমসিং চুবেদী নাট্যৰত্ন পুৰস্কাৰ ওদালগুৰিৰ নাট্যকাৰ, নাট্যসংগঠক তথা সাহিত্যিক ৰাম উপাধ্যায়ক তেওঁৰ নাট্যগ্ৰন্থ আফনই গাওঁ ফৰ্কী আএঁ শীৰ্ষক নাট্যগ্ৰন্থৰ বাবে, কেশৱ শৰ্মা স্মৃতি শিশু সাহিত্য পুৰস্কাৰ শোণিতপুৰৰ

ডা. দৈৱকী দেৱী তিমচিনাক তেওঁৰ শিশু উপন্যাস দুষ্ট ৰাজকুমাৰৰ বাবে, হৰিপ্ৰসাদ ঘিমিৰে স্মৃতি অনুবাদ সাহিত্য পুৰস্কাৰ ৰৌতাৰ ৰেৱতিমোহন তিমচিনাক কপালকুণ্ডলা শীৰ্ষক অনুবাদ গ্ৰন্থৰ বাবে, শিৱলাল শাস্ত্ৰী স্মৃতি সমালোচনা পুৰস্কাৰ ক্ষেত্ৰী, কামৰূপৰ নইনা অধিকাৰীক তেওঁৰ সমালোচনা গ্ৰন্থ সাহিত্য সৃজনাকা‌ বাঙ্কীহৰূ শীৰ্ষক সমালোচনা গ্ৰন্থৰ বাবে, প্ৰভুৰাম কাৰ্কী স্মৃতি যুৱ সাহিত্য পুৰস্কাৰ তামোলপুৰৰ যুৱ সাহিত্যিক হিৰণ্য‌ পৌডেলক তেওঁৰ বিসংগত সময়কো কবিতা শীৰ্ষক গ্ৰন্থৰ বাবে,

ৰেশ্মী প্ৰসাদ-ফুলমায়া স্মৃতি নাৰী স্ৰষ্টা পুৰস্কাৰ শিৱসাগৰৰ কুঞ্জ দেৱী উপাধ্যায়ক, অসম নেপালী সাহিত্য সভা জনগোষ্ঠীয় পুৰস্কাৰ গোলাঘাটৰ ৰিকুটে পুলামীক মগৰ ভাষাত ৰচনা কৰা গ্ৰন্থ লহৌ চিপলৰ বাবে, বিদ্যাদেৱী স্মৃতি সাংবাদিকতা পুৰস্কাৰ অসমৰ অগ্ৰণী সাপ্তাহিক কাকত দেশবাৰ্তাৰ পৰিচালন সঞ্চালক তথা সম্পাদক সুভাষ বিশ্বাসক আৰু কেৱলী জমুনা চেডাই স্মৃতি সংস্কৃতি পুৰস্কাৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা

নাট্যশিল্পী কলাশ্ৰী বিনোদ খনালক প্ৰদান কৰাৰ কথা ঘোষণা কৰা‌ হয়। ইয়াৰোপৰি ৰাজ্যৰ তিনিগৰাকী যুৱ সাহিত্যিক ক্ৰমে পুজা উপাধ্যায়(লক্ষিমপুৰ), জমুনা দাহাল (পশ্চিম কাৰ্বি আলং) আৰু প্ৰকাশ কৈৰালা‌ (বাক্সা)ক ২০২১, ২০২২ আৰু ২০২৩ বৰ্ষৰ যুৱ স্ৰষ্টা পুৰস্কাৰ ঘোষণা কৰা হয়।

একেদৰে বিগত তিনিবছৰত অসম নেপালী সাহিত্য সভাৰ সৰ্বাধিক কাম সফলতাৰে সম্পন্ন কৰাৰ বাবে পশ্চিম কাৰ্বি আলং জিলা সাহিত্যিক শ্ৰেষ্ঠ জিলাৰ পুৰস্কাৰ আৰু নিকাচীৰ হিমালী মহিলা মঞ্চ শাখাক শ্ৰেষ্ঠ শাখাৰ পুৰস্কাৰ ঘোষণা কৰা হয়।

এই পুৰস্কাৰসমূহ অহা ৫, ৬. ৭. আৰু ৮ ডিচেম্বৰ তাৰিখে গোলাঘাট জিলাৰ সৰুপথাৰত অনুষ্ঠিত হবলগীয়া অসম নেপালী সাহিত্য সভাৰ আগন্তুক কেন্দ্ৰীয় অধিবেশন তথা স্বৰ্ণ জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে চিক্কিমৰ মুখ্যমন্ত্ৰী ডঃ প্ৰেম সিং তামাঙৰ উপস্থিতত প্ৰদান কৰা হব বুলি সভাৰ সভাপতি দুৰ্গা খতিৱডা আৰু সাধাৰণ সম্পাদক মদন থাপাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে।

Related Articles