Breaking

Empty Stomach সাৱধান! খালী পেটত নাখাব এই সমূহ খাদ্য…

27

খাদ্য বিশেষজ্ঞসকলৰ মতে ৰাতিপুৱা প্ৰথমে কি খায় তাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ পেটৰ স্বাস্থ্যই। কিছুমান বস্তু স্বাস্থ্যকৰ হ’লেও ৰাতিপুৱা খালী পেটত খাব নালাগে। (empty stomach)

আমি খালী পেটত যি খাওঁ, সেই খাদ্যই আপোনাৰ দিনটো কেনেকুৱা হ’ব সেইটো নিৰ্ণয় কৰে। ৰাতিপুৱা খালী পেটত ভজা আৰু টেঙা ব্ৰেকফাষ্ট কৰিলে দিনটো পেটৰ স্বাস্থ্য বৰ বেছি ভালে নাথাকিব। অৱশ্যে কিছুমান স্বাস্থ্যকৰ বস্তুও আছে, যিবোৰ ৰাতিপুৱা খালী পেটত খালে গোটেই দিনটো কোনো সমস্যাৰ সৃষ্টি নহয়। (healthy eating)

ৰাতিপুৱা খালী পেটত ৬টা বস্তু খাব নালাগে। জানো আঙক এই ছয়টা খাদ্যৰ বিষয়ে-(foods)







কমলা, নেমু আৰু আঙুৰৰ দৰে টেঙাজাতীয় ফলত ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট প্ৰচুৰ পৰিমাণে থাকে। এনে ফলে স্বাস্থ্যৰ বাবে বহু উপকাৰ সাধন কৰে। কিন্তু ৰাতিপুৱা এইসমূহ ফল খালে দিনটোৰ এচিডিটি আৰু হাৰ্টবাৰ্ণ আৰু গেষ্ট্ৰাইটিছৰ সমস্যাত ভুগিব।(never consume these foods on empty stomach)


বহুতে ৰাতিপুৱা কফি খায়। এইটো এটা ডাঙৰ ভুল। কাৰণ খালী পেটত কফি খালে পেটত এচিড গঠন হয়, যিয়ে আপোনাৰ পেটতো দিনটো আমনি কৰিব পাৰে। পিঠিত সামান্য বিষ হ’ব পাৰে।


যদি আপুনি ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে চেনিযুক্ত খাদ্য যেনে পেষ্ট্ৰি, পেকেটত থোৱা ফলৰ ৰস আদি খাই, তেন্তে এই অভ্যাস লগে লগে বন্ধ কৰক। ইয়াৰ বাবে তেজৰ চেনিৰ মাত্ৰা অতি দ্ৰুতগতিত বৃদ্ধি পায়। ইয়াৰ ফলত হঠাতে আপুনি বহুত ভাগৰুৱা অনুভৱ কৰিবলৈ আৰম্ভ কৰিব।

কেঁচা শাক সঁচাকৈয়ে স্বাস্থ্যকৰ। কিন্তু খালী পেটত কেঁচা শাক খোৱাটো ভূল। কাৰণ কেঁচা শাক-পাচলিত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যি পেটৰ বাবে হজম কৰাত অসুবিধা হ’ব পাৰে।

লগতে পঢ়কঃ Bay Leaf Tea: তেজপাতৰ চাহ ঔধষি গুণেৰে ভৰপূৰ! কলেষ্টেৰল, ডায়েবেটিছৰ বাবে এই চাহ অতি উপকাৰী…


ভাৰতীয় মছলা ঔষধি গুণ আৰু সোৱাদৰ বাবে বিখ্যাত। কিন্তু যেতিয়া আপুনি ৰাতিপুৱা মছলাৰ সৈতে খাদ্য খায়, তেতিয়া ইয়াৰ পৰিণতি অতি বিপদজনক হ’ব পাৰে। ইয়াৰ ফলত বদহজম হব পাৰে।

আমি সকলোৱে জানো যে কল অতি স্বাস্থ্যকৰ। কিন্তু খালী পেটত কল খাব নালাগে। কলত মেগনেছিয়াম থাকে আৰু খালী পেটত খালে তেজত মেগনেছিয়ামৰ মাত্ৰা হঠাতে বৃদ্ধি পাব পাৰে।

published by: munmi gogoi

Comments are closed.