New Assamese film: নতুন অসমীয়া চলচ্চিত্ৰ ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা মুকলি হ’ল পোষ্টাৰ আৰু গীতৰ অডিঅ’-ভিডিঅ’

গুৱাহাটী,অক্টোবৰ,৭: (New Assamese film)এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ মাজেৰে আজি গুৱাহাটীৰ কাহিলীপাৰাৰ জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত ‘জিল ক্ৰিয়েশ্যনছ’ৰ বেনাৰত ৯০বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱৰে উদ্‌যাপন কৰাৰ হেঁপাহেৰে মুনিন বৰুৱাৰ বৰ্ণিল জীৱন যাত্ৰাক আধাৰ হিচাপে লৈ নিৰ্মিত এখন নতুন অসমীয়া চিনেমা ‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’ৰ পোষ্টাৰ আৰু প্ৰথমটো গীতৰ অ’ডিঅ’-ভিডিঅ’ মুকলি কৰা হয় ৷ ভাইমন দা-এ ট্ৰিবিউট টু আছামিছ চিনেমা (Bhaimon Da -A tribute to Assmese cinema)ৰ কাহিনী,চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ৷চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে শ্যামন্তক গৌতমে ৷ কাৰ্যবাহী প্ৰযোজক হিচাপে আছে অনুপম শৰ্মা,চিনেমাখনৰ চিনেমেটোগ্ৰাফী ভাঞ্চিনাথন মুৰুগেচনৰ৷

অনুষ্ঠানৰ আৰম্ভণীতে মঞ্জুুলা বৰুৱা,জে পি দাস, সমৰ হাজৰিকা আৰু অন্যান্য বিশিষ্ট অতিথি সকলে বন্তি প্ৰজ্বলন কৰে৷ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনৰে পৰা আৰম্ভ কৰা আৰু বৰ্তমানলৈকে চলি থকা
অসমীয়া চিনেমাৰ গৌৰৱোজ্বল নব্বৈ বছৰীয়া ইতিহাস উদ্‌যাপনৰ উদ্দেশ্যৰে ‘জ্যোতি জয়ন্তী’ শীৰ্ষক নামকৰণ কৰা এটি বিশেষ ল’গ’ মুকলি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা শান্তনু বৰঠাকুৰে৷

অনুষ্ঠানটিৰ লগত সংগতি ৰাখি জ্যোতিচিত্ৰবনৰ বাকৰিত ‘লাইভ পেইণ্টিং’ৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ইয়াৰ পাছতেই ছবিখনৰ প্ৰযোজক শ্যামন্তক গৌতম আৰু কাৰ্যবাহী প্ৰযোজক অনুপম শৰ্মাই জিল ক্ৰিয়েশ্যনছ আৰু ‘ভাইমন দা -এ ট্ৰিবিউট টু আছামিজ চিনেমা’ শীৰ্ষক চলচ্চিত্ৰখনৰ নিৰ্মাণৰ যাত্ৰাটিৰ বিষয়ে কিছু অনুভৱ ব্যক্ত কৰে৷

অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা মঞ্জুলা বৰুৱা,মৃদুলা বৰুৱা,শান্তা উজিৰ,মণিষা হাজৰিকাই ছবিখনৰ পোষ্টাৰ উন্মোচন কৰি বক্তব্য প্ৰদান কৰে৷বিশিষ্ট চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ হাজৰিকাই চলচ্চিত্ৰখনৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে৷সেই অনুসৰি ‘ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমা’ ই অহা বছৰ অৰ্থাত ২০২৫ বৰ্ষৰ ৭ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি লাভ কৰিব৷ চলচ্চিত্ৰখনৰ কাহিনীকাৰ পৰিচালক শশাংক সমীৰৰ বক্তব্য তথা কলাকুশলীৰ পৰিচয়পৰ্বৰ পাছতেই এই অনুষ্ঠানতে ছবিখনৰ প্ৰথমটি গীতৰ অডিঅ’ -ভিডিঅ’ মুকলি কৰা হয়৷

অসমীয়া চলচ্চিত্ৰ জগতৰ এক উজ্জ্বল নক্ষত্ৰ মুনিন বৰুৱাক যাক সকলোৱে মৰমতে মাতিছিল ‘ভাইমন দা’ বুলি তেখেতৰ জীৱনশৈলী, কৰ্মৰাজি তথা ৯০ বছৰীয়া ঐতিহ্যমণ্ডিত অসমীয়া চিনেমাক গৌৰৱেৰে উদযাপন কৰাৰ উদ্দেশ্যৰে জিল ক্ৰিয়েশ্যনছ (Zeal Creations) ৰ বেনাৰত নিৰ্মাণ কৰা ছবিখনক লৈ কলামোদী দৰ্শক -ৰাইজৰ আগ্ৰহ ইতিমধ্যেই পৰিলক্ষিত হৈছে৷ উল্লেখযোগ্য যে “বোৱাৰী” ছবিখনৰ যোগেদি এগৰাকী চিত্ৰনাট্যকাৰ হিচাবে পৰিচিতি লাভ কৰা কৰা মুনিন বৰুৱাৰ কৰ্মৰাজিৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰ জগতখনৰ নানান কথাও ছবিখনত উপস্থাপন কৰা হৈছে৷

জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা এক অনুষ্ঠানত “ভাইমন দা-A Tribute to Assamese Cinema” ৰ পষ্টাৰ আৰু প্ৰথমটো গীতৰ ভিডিঅ’ আনুষ্ঠানিকভাৱে মুকলি অনুষ্ঠানটিত প্ৰাঞ্জল শইকীয়া মালবিকা বৰা,ৰুণু দেৱী,বীণা বাৰুৱতী,সমৰ হাজৰিকা, পাহাৰী শইকীয়া,গৰিমা শইকীয়া গাৰ্গ,নিশিতা গোস্বামী ,আদিকে ধৰি অসমীয়া চলচ্চিত্ৰ জগতৰ ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে৷ উদ্যোক্তা সকলৰ তৰফৰ পৰা কেইবাগৰাকীও জ্যেষ্ঠ অভিনয় শিল্পীক সম্বৰ্ধনা জনোৱা হয়৷ অনুষ্ঠানত চলচ্চিত্ৰখনৰ বিয়েৰ-ব্ৰেণ্ডি শীৰ্ষক গীতটিত পংকজ ইংতিৰ দলে এক সুন্দৰ নৃত্য পৰিৱেশন কৰে৷ অসমীয়া চলচ্চিত্ৰ জগতৰ সোণালী যাত্ৰাক উদ্‌যাপন কৰি নিৰ্মাণ কৰা ভাইমন দা-এ ট্ৰিবিউট টু আছামিজ চিনেমাৰ সংগীত জুবিন গাৰ্গৰ৷ ছবিখনৰ ভিন্ন চৰিত্ৰত বনদীপ শৰ্মা,যশশ্ৰী ভূঞা,গুণাকৰ দেৱগোস্বামী,পাকিজা বেগম,অনুৰাগ বৰা,সমূদ্ৰগুপ্ত দত্ত,অৰ্ঘদীপ বৰুৱা,কৌশিক ভৰদ্বাজ,হৰপল শইকীয়া,গীতাৰ্থ শৰ্মা,নিৰুপম শইকীয়া,জয় শইকীয়া,দ্বীপজ্যোতি কেওঁট,পাৰ্থ প্ৰতীম শইকীয়া,শিল্পী শিখা বৰা,বৈভৱী গোস্বামী আদিৰ লগতে আৰু বহু শিল্পীয়ে অভিনয় কৰিছে৷

ছবিখনৰ ছাউণ্ড ডিজাইনাৰ হিচাপে অমৃত প্ৰীতম আৰু দেৱজিৎ চাংমাইয়ে কাম কৰাৰ লগতে প্ৰীতম খাউণ্ডে কৰিছে সম্পাদনাৰ কাম৷ ভাইমন দা -এ ট্ৰিবিউট টু আছামিজ চিনেমা ছবিখনৰ প্ৰযোজনা নিয়ন্ত্ৰন মনোজ কুমাৰ মিশ্ৰ আৰু ঋতু গাৰ্গৰ৷ অনুষ্ঠানৰ শেষত ছবিখনৰ অভিনয় শিল্পী তথা কলা-কুশলীৰ লগত উপস্থিত সাংবাদিক সকলে মত বিনিময় কৰে৷

Related Articles