Breaking

নতুন ফৌজদাৰী আইনে সাধাৰণ নাগৰিকক বহু সকাহ দিব : আৰক্ষী আয়ুক্ত দিগন্ত বৰা

0 8

গুৱাহাটী , ৩ জুলাই : দেশৰ আন ৰাজ্যৰ লগতে অসমতো পহিলা জুলাইৰ পৰা কাৰ্যকৰী হৈছে নতুনকৈ বলবৎ হোৱা ‘নতুন অপৰাধ আইন ২০২৩’ । আনহাতে এই নতুন ফৌজদাৰী আইন সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে গুৱাহাটীৰ জালুকবাৰী থানা আৰু পাণ্ডু নদী আৰক্ষীৰ যৌথ উদ্যোগত পহিলা জুলাইৰ দিনা নিশা মালিগাঁও বৰিপাৰাস্থিত কৰ্মস্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত এখন সজাগতা সভা অনুষ্ঠিত হয় । জালুকবাৰী থানাৰ কেন্দ্ৰীয় নাগৰিক কমিটিৰ সভাপতি দ্বিজেন লহকৰৰ সভাপতিত্বত থানা এলেকাৰ ৱাৰ্ড সমূহৰ চাৰি শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰীতুজ্যোতি নাথে। সভাত মুখ্য অতিথি হিচাপে ভাগ লৈ গুৱাহাটীৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ভাষণ প্ৰসংগত ‘নতুন অপৰাধ আইন ২০২৩’ৰ অধীনত নতুনকৈ বলবৎ হোৱা তিনিখন ফৌজদাৰী আইন ক্রমে, ভাৰতীয় ন্যায় সংহিতা ২০২৩, ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা ২০২৩আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম ২০২৩ সন্দর্ভত বিতংভাৱে বাখ্যা দাঙি ধৰি এই নতুন ফৌজদাৰী আইনৰ দ্বাৰা সাধাৰণ ৰাইজ বা নাগৰিক কিদৰে উপকৃত হব তাক ফহিয়াই কয় । বিশেষকৈ এই নতুন আইন প্ৰবৰ্তনৰ ফলত বহু ক্ষেত্ৰত নাগৰিকে থানালৈ নহাকৈয়ে ঘৰৰ পৰাই বহু সেৱা লাভ কৰিব বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই সদৰি কৰি এইক্ষেত্ৰত আৰক্ষীক সহযোগিতা আগবঢ়াবলৈ ৰাইজক আহ্বান জনায়।

সভাত গুৱাহাটী মহানগৰ আৰক্ষীৰ যুটীয়া আৰক্ষী আয়ুক্ত প্ৰতীক থুবে, গুৱাহাটী পশ্চিম বংগৰ জিলাৰ উপ আৰক্ষী আয়ুক্ত পদ্মনাভ বৰুৱা, অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত দেৱৰ্ষি চৌধুৰী, যান – বাহন শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত মৃন্ময় গোস্বামী, জালুকবাৰী সংমণ্ডলৰ সহকাৰী আৰক্ষী আয়ুক্ত সোমালিনী ভাছদৰ্শিনীকে ধৰি কেবাজনো আৰক্ষী বিষয়াই চমু ভাষণত পহিলা জুলাইৰ পৰা বলবৎ হোৱা তিনিওখন ফৌজদাৰী আইনৰ জৰিয়তে সাধাৰণ ৰাইজ কেনেদৰে উপকৃত হ’ব সেই বিষয়ে অৱগত কৰে। সভাত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ মূখ্য ৱাৰ্ডেন নিমাই চন্দ্ৰ দাস, গুৱাহাটী পৌৰ নিগমৰ প্ৰাক্তন ডেপুটী মেয়ৰ কমল দে, জালুকবাৰী থানাৰ কেন্দ্ৰীয় নাগৰিক কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন্দ্ৰ নাথ সোণোৱাল, মহিলা সমাজসেৱিকা নিয়তি দে’কে ধৰি থানা এলেকাৰ গুৱাহাটী পৌৰ নিগমৰ কেবাজনো পাৰিষদ , গাঁওৰক্ষী বাহিনী সমূহৰ প্ৰতিনিধি , নাগৰিক কমিটি সমূহৰ প্ৰতিনিধি, বিভিন্ন সামাজিক সংস্থাৰ প্ৰতিনিধিকে ধৰি অঞ্চলটোৰ কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত আছিল ।

Leave A Reply